Breaking

ভোলাগুৰিত “এমুঠি জোনাকৰ কবিতা” পাঠ শীৰ্ষক অনুষ্ঠানে দীপালী কৰিলে সন্ধিয়া…

0 84

খুমটাই সমীপল ভোলাগুৰি নিউভিলাৰ বিশিষ্ট কবি ,সমাজ সংগঠক,ক্ৰীয়াবিদ আৰু অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত ললিত বৰুৱাৰ পৱিত্ৰ তিথি উপলক্ষে তেখেতৰ বাসগৃহত “এমুঠি জোনাকৰ কবিতা”শীৰ্ষক কবিতা পাঠ অনুষ্ঠান কালি সন্ধিয়া পাঁচ বজাত অনুষ্ঠিত হৈ যায়।কবি সন্মিলন খনিৰ লগত সংগতি ৰাখি বিশিষ্ট কবিগৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিনী তথা লেখিকা মঞ্জুমালা বৰুৱাই।

লেখিকা বিজয়া দেবীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনখনি পতিয়াপথাৰ লেখিকা সমাৰোহ সমিতিৰহৈ মীৰা গোহাঁইৰ দলে দিহা নাম পৰিবেশনেৰে আৰম্ভ কৰা হয়।কবি সন্মিলনখনি শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ লোকেন্দ্ৰ নাথ বৰাই। অনুষ্ঠানটি আঁত ধৰে শিক্ষক দেৱকান্ত বড়াই। প্ৰধান শিক্ষক ফটিক গগৈয়ে আদৰণি ভাষান প্ৰদান কৰা কবি সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে লেখিকা মৌচুমী বৰুৱা গগৈয়ে।ইয়াৰ পিছতেই স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে বিশিষ্ট কবি আজিৎ গগৈ,শৰৎ হাজৰিকা,বিশ্বেশ্বৰ বৰাইক , নবীন গোহাঁই,নিতুল শৰ্মা্,পৰবী সেনাপতি,মন্দিৰা তামুলী,দিলীপ তাঁতী ,জুৰি বৰুৱা, জ্যোতিপ্ৰসাদ কুৰ্মী,মিতালী ঠাকুৰ,জ্যোতিৰেখা ৰাজখোৱা, মৌচুমী দত্ত,বন্দনা দত্ত,অৰুপা নাথ,মিনাসী গগৈ, ৰূপজ্যোতি গগৈ,ৰানু গগৈয়ে।প্ৰায় ত্ৰিশ গৰাকীকৈ অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰি সন্ধিয়াটো সোনত সুৱগা কৰি তোলা পৰিলক্ষিত হ’ল।

আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবি সন্মিলন খনি উপভোকৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষা গুনপ্ৰভা বড়া, সমাজ কৰ্মী সিদ্ধনাথ গগৈ, বিপিন গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কবিতা পাঠৰ অনুষ্ঠিনটি উপভোগ কৰে। বিশিষ্ট কবি গৰাকীৰ স্মৃতিত পৰিয়ালে এনেধৰনৰ ক্যাবিক চিন্তা -চৰ্চাৰ পদক্ষেপ গ্ৰহণ কৰি গোলাঘাটৰ বিভিন্ন ঠাইৰ কবি সকলক আমন্ত্ৰণ জনাই কবিতা পাঠৰ যোগেদি বিশিষ্ট কবিগৰাকী স্মৰণ। আৰু সেই মহন কবিগৰাকীৰ পূন্য আত্মাৰ সদগতি কামনা কৰে। আনহাতে অঞ্চলটোত বহুদিনৰ বিৰতিৰ পিছত এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাত সকলোৱে শলাগ লয়।

নবীন গোহাঁই,

Leave A Reply