Breaking

দীপিকা পাডুকন গৰ্ভৱতী! অতি সোনকালে পিতৃ হ’ব ৰণবীৰ সিং…

0 36

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন গৰ্ভৱতী হোৱা বুলি চৰ্চা চলিছে। শেহতীয়াকৈ বাফটা বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে শাৰীখনেৰে তেওঁৰ বেবী বাম্প লুকুৱাই ৰখা দেখা গৈছিল। কিন্তু অনুৰাগী সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া নাই দীপবীৰে। বৰ্তমান দীপিকাৰ বয়স ৩৭ বছৰ। দীপিকা পাডুকনৰ বাফটা বঁটা প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বঁটা লাভ কৰা অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল অতি সুন্দৰ শাৰী। অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল চেলিব্ৰিটি ফেশ্বন ডিজাইনাৰ সব্যাসচিৰ ডিজাইন কৰা জিলিকি থকা শাৰী। ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত দীপিকাই বেবী বাম্পটো লুকুৱাই ৰখা দেখা গৈছে বুলি অনুৰাগীৰ মাজত চৰ্চা।

আনহাতে ‘ফাইটাৰ’ চিনেমাখনৰ প্ৰচাৰৰ সময়ত দীপিকা গৰ্ভৱতী হোৱাৰ উৰাবাতৰি ওলাইছিল। দীপিকা পাডুকন বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। বছৰৰ আৰম্ভণিতে তেওঁৰ ‘ফাইটাৰ’ চিনেমা দৰ্শকৰ মাজত হিট হৈছিল। ছবিখনে বক্স অফিচত ৩০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। অভিনেত্ৰীগৰাকীৰ ‘ছিংহাম এগেইন’ আৰু ‘কলকী ২৯৮৯ খ্ৰীষ্টাব্দ’ক লৈ চিনেমা দৰ্শকৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

Leave A Reply