Breaking

৫০০ কোটি টকাৰ ছবি নাকচ কৰি অনুশোচনাত দীপিকা পাডুকন…

0 116

বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ তালিকাত দীপিকা পাডুকনৰ নাম অন্তৰ্ভুক্ত। কিন্তু আপুনি জানেনে যে দীপিকাই নিজৰ কেৰিয়াৰত এনে এখন ব্লকবাষ্টাৰ ছবি প্ৰত্যাখ্যান কৰিছিল, যাৰ বাবে তেওঁ আজিও অনুশোচনা ভুগে। দীপিকাই নিজৰ কেৰিয়াৰত বহু ছবিত অভিনয় কৰিছে। কিন্তু বহু ব্লকবাষ্টাৰ ছবিও নাকচো কৰিছিল। দীপিকাৰ প্ৰত্যাখ্যানৰ পিছতো ছলমান খানৰ নায়িকাৰ ভাগ্য সলনি হৈ অতি কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰিছিল। এই ছবিখনৰ বিষয়ে জানি লওঁ আহক।


২০১৩ চনত ছবিগৃহত মুক্তি পোৱা এখন ছবিয়ে বক্স অফিচত সকলো অভিলেখ ভংগ কৰে। আমিৰ খানৰ উপৰিও এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কেটৰিনা কাইফে। এই ছবিখন পূৰ্বতে দীপিকা পাডুকনক অফাৰ দিয়া হৈছিল যদিও তেওঁ এই ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল দিপীকাই। ইয়াৰ পিছত কেটৰিনা কাইফে এই ছবিখন লাভ কৰে। এই ছবিখন মুক্তি পোৱাৰ লগে লগে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল।

সেই ছবিখন আছিল বিজয় কৃষ্ণ আচাৰ্যই পৰিচালনা কৰিছিল ‘ধূম ৩’। বলীউড হাংগামাৰ প্ৰতিবেদন অনুসৰি ‘ধূম ৩’ই সমগ্ৰ বিশ্বতে ৫৫৬.৭৪ কোটি টকা সংগ্ৰহ কৰিছিল। আনহাতে বাজেট আছিল প্ৰায় ১৭৫ কোটি টকা। আমিৰ খানৰ উপৰিও কেটৰিনা কাইফ, উদয় চোপ্ৰা, অভিষেক বচ্চনকো ‘ধূম ৩’ত দেখা গৈছিল। ইয়াৰ পূৰ্বে ‘ধূম’ ছবিখনৰ দুটা খণ্ড মুক্তি পোৱাৰ লগতে দুয়োটা খণ্ড বক্স অফিচত হিট হৈছিল।

Leave A Reply