Breaking

ৰণবীৰৰ অবিহনে ভূটান ভ্ৰমণ কৰি বাঘৰ গুহা দেখিলে দীপিকা পাডুকনে…

0 61

ৰণবীৰৰ অবিহনে ভূটান ভ্ৰমণ কৰি বাঘৰ গুহা দেখিলে দীপিকা পাডুকনে…। ভূটান ভ্ৰমণলৈ গৈছে দীপিকা পাডুকন। দীপিকা ছবি বিয়পি পৰিল চাৰিওফালে। অভিনেত্ৰীগৰাকীৰ সৈতে ৰণবীৰৰ অনুপস্থিতিৰ বিষয়েও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।অস্কাৰৰ মঞ্চত তেওঁক দেখা গৈছিল অভিনেত্ৰীগৰাকীক। শেহতীয়াকৈ ভূটানত দেখা গৈছে অভিনেত্ৰীগৰাকীক। তাতে নেট মিডিয়াত বিয়পি পৰিল অভিনেত্ৰীগৰাকীৰ কিছু ছবি। ছবিখনত কোৱা হৈছে যে অভিনেত্ৰীগৰাকীয়ে ভূটানৰ বহু ঠাই ভ্ৰমণ কৰিছে। কিন্তু দীপিকাৰ স্বামী ৰণবীৰ সিঙৰ অনুপস্থিতি বিষয়টো চৰ্চা কেন্দ্ৰিক বিষয় হৈ পৰিছে।

যোৱা সপ্তাহত ভূটানত দেখা দিছিল দীপিকাক। সাধাৰণ পৰ্যটকৰ দৰে তেওঁ তাত ঘূৰি ফুৰিছিল। আনকি, ভূটানৰ বিখ্যাত বাঘৰ বাহৰ মঠলৈ গৈছিল অভিনেত্ৰীগৰাকী। য’তেই গৈছিল দীপিকাই স্থানীয় লোকৰ সৈতে চেলফি তুলিছিল।

স্থানীয় এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ সৈতে নিজৰ ফটো পোষ্ট কৰি লিখিছে, “তেওঁ পৰ্দাত যিমান দয়ালু ব্যক্তি। ওচৰৰ পৰাও সমানে দয়ালু।”

ভূটানত দীপিকা, কিন্তু ৰণবীৰ ক’ত? শেহতীয়াকৈ দীপিকা আৰু ৰণবীৰৰ বৈবাহিক সমীকৰণক লৈ এক প্ৰশ্ন উত্থাপন হৈছিল কাৰণ তেওঁলোকে এটা অনুষ্ঠানত ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখিছিল। পিছত অৱশ্যে আম্বানী অনুষ্ঠানত দুয়ো একেলগে উপস্থিত হয়। খবৰ অনুসৰি দীপিকা পৰিয়ালসহ ভূটানলৈ গৈছিল। আন এক সূত্ৰই দাবী কৰিছে যে দীপিকাৰ এই ভ্ৰমণ নিজৰ সৈতে অকলে ক্ষন্তেক সময় কটাবলৈ। কিন্তু এই ভ্ৰমণত ৰণবীৰ সিঙৰ অনুপস্থিতিত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মঙলবাৰে নিশা মুম্বাইলৈ উভতে অভিনেত্ৰীগৰাকী।

Leave A Reply