Breaking

ডিফেনদিং ছেম্পিয়ন বদৌচা এফ চিক পৰাজিত কৰি ফিল’কাপৰ কোৱাৰ্টাৰ ফাইনেলত সঞ্জীৱ ব্ৰহ্ম এফ এ, তিনিচুকীয়া

0 1,044

ডিৰাক সীমান্ত,২৫ নৱেম্বৰ : অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল’বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণমূলক ২২ সংখ্যক “ফিল’কাপ ২০২০ ” ফুটবল প্ৰতিযোগীতা। আজি ফিল’কাপৰ খেল অনুষ্ঠিত হয় ডিফেনডিং ছেম্পিয়ন বদৌচা এফ চি বনাম সঞ্জীৱ ব্ৰহ্ম এফ এ তিনিচুকীয়া  মাজত। ফিল’কাপৰ আজিৰ উত্তেজনাপূৰ্ণ খেল খন নিৰ্ধাৰিত সময়ত গ’ল শূন্যভাৱে সামৰণি পৰাত খেল পৰিচালকে ট্ৰাইবেকাৰ পদ্ধতি ব্যৱহাৰ কৰে। তিব্ৰ উত্তেজনাপূৰ্ণ খেল খনত ছাডেন দেথৰ যোগেদি সঞ্জীৱ ব্ৰহ্ম এফ এ দলে ডিফেনডিং ছেম্পিয়ন বদৌচা এফ চি দলক ৭-৬  গ’লৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আজি খেল পৰিচালনা কৰে ৰিয়াজ চুতীয়া,অৰুপ চুতীয়া, ডিম্বেশ্বৰ নাথ আৰু চতুৰ্থত কাশ্মীৰ কুজুৰে। অহাকাইলৈ “ফিল’কাপ ২০২০” আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব লেকাং এফ চি অৰুণাচল বনাম দুলীয়াজান এফ চি মাজত।

Leave A Reply