Breaking

হাজোত উপস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ দল

0 1,038

হাজো বিষ্ণুৰাম মেধি সামুহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ৫ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ এটি প্ৰতিনিধি দল । বাংলাদেশ, মালদ্বীপ, ভিয়েটনাম, দক্ষিন আফ্ৰিকা আৰু টাঞ্জানিয়াৰ প্ৰতিনিধিৰে গঠিত পোন্ধৰ জনীয়া দলটোৱে স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোৰ স্বাস্থ্য সেৱা সম্বন্ধীয় সকলো দিশ পৰিদৰ্শন কৰে। লগতে দলটোৱে হাজো স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়াক এটা স্মাৰক প্ৰদান কৰে। ক’ভিড মহামাৰীৰ সময়ত ৰাজ্যৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰ সমূহৰ লগতে হাজো স্বাস্থ্য কেন্দ্ৰই দেখুৱা পাৰদৰ্শিতাৰ এই স্মাৰক বটা প্ৰদান কৰে মহকুমা স্বাস্থ্য বিষয়া ড0গৌৰাংগ দাসৰ হাতত ।

এই স্মাৰক বটা প্ৰদান গ্ৰহণ কৰি ড0 দাসে হাজো স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সকলৰ লগতে নাৰ্ছ আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলৰ স্বাস্থ্য সেৱাৰ শলাগ লয়।

Leave A Reply