Breaking

আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

0 22

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ ৰাজনীতিত জোকাৰণি। আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) নেতা অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকাল(ইডি)য়ে গ্ৰেপ্তাৰ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি-সম্পৰ্কিত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত বলপূৰ্বক পদক্ষেপৰ বিৰুদ্ধে আইনী সুৰক্ষা প্ৰদান কৰিবলৈ জনোৱা আবেদন অগ্ৰাহ্য কৰাৰ পিছতে ইডিয়ে আজি সন্ধিয়া তেওঁক তেওঁৰ বাসভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত থকা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) এটা দল।

দলটোৱে কেজৰিৱালৰ ঘৰত প্ৰৱেশ কৰি বহু সময় ধৰি তালাচী চলায় আৰু অৱশেষত কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। উচ্চ ন্যায়ালয়ে তেওঁক সুৰক্ষা প্ৰদান কোৰ পিছতে ইডিৰ দলে কেজৰিৱালৰ বাসভৱনলৈ গৈছিল। উল্লেখ্য আম আদমী পাৰ্টিৰ মুৰব্বী কেজৰিৱালে পূৰ্বে আবকাৰী গোচৰটোত ইডিয়ে জাৰি কৰা একাধিক চমন এৰাই চলিছিল। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছতে আপ নেতা সৌৰভ ভৰদ্বাজে কয় যে কেজৰিৱালৰ বাসগৃহত ইডিৰ অভিযান চলি আছেঅগণতান্ত্ৰিক। তেওঁলোকে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি বহু দিনৰে পৰাই চলাই আছিল।তেওঁ কয় ” যিধৰণে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে সেয়া কোনো পধ্যে মানি ল’ব পৰা বিধৰ কথা নহয়”। উল্লেখ্য দিল্লীৰ মুখ্যমন্ত্ৰীক দিল্লীৰ আবকাৰী কেলেংকাৰী সন্দৰ্ভত যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰাই ইডিয়ে নবাৰ মাতি পঠিয়াইছিল। প্ৰতিবাৰেই তেওঁ ইডিৰ চমন এৰাই চলিছিল। অৱশ্যে, তেওঁ শেষবাৰৰ চমনৰ পিছত ইডিৰ সন্মুখত উপস্থিত হ’ব বিচাৰিছিল।

অৱশ্যে, ইডিয়ে কেজৰিৱালৰ প্ৰস্তাৱটোত সন্মত হোৱা নাছিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱাল কেইবাটাও ক্ষেত্ৰত ইডিৰ নিৰীক্ষণত আছে। কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী আৰু দিল্লী জল বোৰ্ডৰ দুৰ্নীতিৰ লগতে ধন অবাধ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে। ইডিয়ে তেওঁক এনেবোৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছিল। কেজৰিৱালে পূৰ্বেই কৈছিল যে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবেই বাৰে বাৰে মাতি পঠিয়াইছে। সেইবাবেই তেওঁ ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল।

Leave A Reply