Breaking

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকি

0 49

৩১ জানুৱাৰীত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এজন ৩৮ বছৰীয়া যুৱকে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, পুৱা ১২:৫ বজাৰ ওচৰত এই ভাবুকি সম্পৰ্কে ফোন আহিছিল আৰক্ষীলৈ।

ভাবুকিৰ পিছত অলপ সময়ৰ ভিতৰতে দিল্লী আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে তেওঁক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি ফোন কৰাজন মানসিকভাৱে অক্ষম লোক আছিল আৰু দিল্লীৰ গুলাবী বাগতো চিকিৎসাধীন হৈ আছে।

Leave A Reply