দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই । সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হয় কেজৰিৱাল ।

ইয়াৰ পাছতে শুনানি আৰম্ভ হয় আৰু কেজৰিৱালক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে,ইয়াৰ পূৰ্বে চিবিআইয়ে ন্যায়িক জিম্মাত বিচৰা আবেদনৰ সন্দৰ্ভত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল আদালতে।

আজি কেজৰিৱালৰ চিবিআই ৰিমাণ্ডৰ অন্ত পৰিল। ২৬ জুনত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত আদালতে তেওঁক তিনিদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে।

চিবিআইয়ে ৰাউছ এভিনিউ আদালতৰ পৰা মুখ্যমন্ত্ৰী কেজৰিৱালক ৫ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতৰ পৰা মাত্ৰ ৩ দিনৰ ৰিমাণ্ড লাভ কৰে। সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত যোৱা ২০ জুনত বিচাৰ আদালতে কেজৰিৱালক জামিন প্ৰদান কৰিছিল।

নিম্ন ন্যায়ালয়ৰ এই সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় বলবৎকাৰী সঞ্চালকালয়ে। উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ এই সিদ্ধান্তত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে ।

Related Articles