Breaking

পুনৰ থমকিল বিজেপি, দিল্লীয়ে লাভ কৰিলে আপৰ প্ৰথম মহিলা মেয়ৰ

0 57

ধন-জন সকলো ব্যৱহাৰ কৰিও বিফল হ’ল বিজেপি। বিজেপিৰ কোটি কোটি টকীয়া প্ৰচাৰৰ ঢৌকো প্ৰতিহত কৰি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হ’ল। বুধবাৰে আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক পৰাস্ত কৰি দিল্লীৰ প্ৰথম মহিলা মেয়ৰ হিচাবে নিৰ্বাচিত হয়।


নতুন দিল্লীৰ ডাঃ এছ পি মুখাৰ্জী চিভিক চেণ্টাৰত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে। আপৰ প্ৰাৰ্থীয়ে শ্বেলী অ’বেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে ১১৬ টা ভোট।

উল্লেখ্য, বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত এম চি ডিৰ নিৰ্বাচনত ২৫০ খন আসনৰ ভিতৰত ১৩৪ খন আসনত জয়ী হৈ আপে ১৫ বছৰৰ পাছত বিজেপিৰ ভেটি উচন কৰিছিল। কিন্তু মেয়ৰ নিৰ্বাচন কেন্দ্ৰক কৰি বিজেপি আৰু আপৰ মাজত সংঘাতৰ সৃষ্টি হয়। অভিযোগ উঠিছিল যে বিজেপিয়ে উপ ৰাজ্যপালৰ দ্বাৰা মনোনীত প্ৰাৰ্থীসকলক মেয়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি ভোট দান কৰোৱাই বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয় সুনিশ্চিত কৰিবলৈ চেষ্টা চলাইছিল।

এনে সংঘাতৰ বাবেই ২০১৩ চনৰ ৬, ২৪ জানুৱাৰী আৰু ৬ ফেব্ৰুৱাৰীত তিনিবাৰকৈ অনুষ্ঠিত কৰিবলৈ লৈয়ো দিল্লীৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।

বিজেপিৰ এই ষড়যন্ত্ৰ অভিযোগ লৈ আপ উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল । যোৱা ১৭ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে উপ ৰাজ্যপালৰ দ্বাৰা মনোনীত প্ৰাৰ্থীয়ে ভোটদান কৰিব নোৱাৰে বুলি স্পষ্ট নিৰ্দেশ দিয়াৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত মেয়ৰৰ নিৰ্বাচন অনুষ্ঠিত কৈছিল।

ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয় বিজয়ী হয়।

Leave A Reply