Breaking

কৃষক আন্দোলন : ৩৮ টা গোচৰ ৰুজু , ৮৪ জনক আটক দিল্লী আৰক্ষীৰ

0 2,057

কৃষক বিদ্ৰোহে কঁপাইছে দেশ। গণৰাজ্য দিৱসৰ দিনা ৰাজধানীৰ ৰাজপথত কৃষকসকলে হিংসাত্মক কাৰ্য কলাপত লিপ্ত হোৱাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

সম্প্ৰতি দিল্লী আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৮৪ জন লোকক আটক কৰাৰ লগতে ৩৮ টা গোচৰ ৰুজু কৰিছে। শনিবাৰে দিল্লী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা।

গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলী বিপথে পৰিচালিত হোৱাৰ পাছত ৰাজপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজপথত প্ৰতিবাদকাৰীসকলে ৰাজহুৱা সা-সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হৈছিল।

আৰক্ষীয়ে উপায়হীন হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা, কন্দুৱা গেছ এৰিবলৈ বাধ্য হৈছিল।

আনকি ইতিহাসত প্ৰথবাৰৰ বাবে লালকিল্লাৰ গম্বুজত ভাৰতীয় ত্ৰিংগাৰ লগতে কৃষকসকলৰ হালধীয়া পতাকা উৰিছিল।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে ৯ গৰাকী কৃষক নেতাক সোধ-পোছৰ কাৰণে মাতিছিল যদিও এগৰাকী নেতাও আৰক্ষীৰ ওচৰলৈ নাহে।

Leave A Reply