Breaking

সোণতলীত ছাত্ৰক হত্যাৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ অসম মিঞা (অসমীয়া) পৰিষদৰ

0 2,037

 দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী, ডেকাচাং, গৰৈমাৰী বিলৰজান, ৰাংগাপানী, টুপামাৰী আদি অঞ্চল বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত হবলৈ ধৰিছে ৷ উল্লেখিত অঞ্চলবোৰত অবাধ গতিত দীৰ্ঘদিনৰ পৰাই চলি আহিছে অবৈধ মদ, জুৱা, ভাং, নাৰী ব্যৱসায় তথা তীৰ খেল ৷ এই অসামাজিক কাৰ্যকলাপ সমূহ বন্ধ কৰিবলৈ স্থানীয় সচেতন ৰাইজৰ লগতে অসম মিঞা (অসমীয়া) পৰিষদে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই উল্লেখিত অঞ্চল সমূহত চলি থকা অবৈধ কাৰ্যকলাপ সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহন কৰা নাই ৷ বিভিন্ন অসামাজিক কাৰ্যকলাপ অবাধ গতিত চলাৰ বাবে অঞ্চল সমূহত অপৰাধীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়াকৈ যোৱা ৩১ ডিচেম্বৰত সোণতলী আৰক্ষী চকীৰ এলেকাধীন ছমৰীয়াপামত স্কুলীয়া ছাত্ৰ এগৰাকীক স্থানীয় গাঞ্জা ব্যৱসায়ীৰ পৰিয়াল এটাই পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলায় ৷ সোণতলীৰ শেলেসুঁতি গাঁৱৰ ৰাশেদ আলীৰ পুত্ৰ তথা ছমৰীয়াপাম আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মণিৰুল হকে বিদ্যালয় ছুটীৰ পিচত খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াপাম গাঁৱৰ আমজাদ আলীৰ পুত্ৰ ৰাব্বুল হকে শিলগুটি নিক্ষেপ কৰাত শিক্ষাৰ্থীগৰাকী মূৰত আঘাত পায় ৷ পিচত এইলৈ শিক্ষাৰ্থী মণিৰুল হক আৰু উদণ্ড যুৱক ৰাব্বুল হকৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাব্বুল হকৰ পিতৃ আমজাদ আলী, মাতৃ ৰাবিয়া খাতুন, খুড়া আফজাল আলী, খুড়া সুকুমুদ্দিনে শিক্ষাৰ্থী মণিৰুল হকক ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে চোঁচৰাই নি কাঠৰ খুঁটাত বান্ধি লাঠি, কোৰ, ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায় ৷ ইপিনে মণিৰুল হকক বিদ্যালয়ৰ কেইগৰাকী শিক্ষাৰ্থীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও একপ্ৰকাৰ ব্যৰ্থ হয় ৷ আনহাতে ঘটনাৰ সবিশেষ জানিব পাৰি মণিৰুলৰ পৰিয়ালে সোণতলী আৰক্ষীক অৱগত কৰে ৷  পিচত সোণতলী আৰক্ষীয়ে আহত শিক্ষাৰ্থী মণিৰুল হকক দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ উক্ত ঘটনা সন্দৰ্ভত মণিৰুল হকৰ পিতৃয়ে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু উক্ত এজাহাৰৰ  ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০বি/৩৪১/৩৪২/৩২৩/৩০৭/৩৪ ধাৰাৰ অধীনত ৩/২০২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে ৷ উল্লেখ্য যে, আমজাদ আলীৰ পৰিয়ালটো অবৈধ মদ, জুৱা, গাঞ্জাৰ লগতে নাৰীদেহ ব্যবসায়ৰ সৈত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে উত্তেজিত ৰাইজ-শিক্ষাৰ্থীয়ে আমজাদ আলীৰ বাসগৃহত ৰোপন কৰা অবৈধ ভাংগছ কাটি নষ্ট কৰে ৷ ইফালে যোৱা ১ জানুৱাৰীত মনিৰুল হক অধ্যায়ন কৰা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ সোণতলী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও আজিকোপতি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই ৷ বকো সমষ্টিৰ গ্ৰামাঞ্চল সমূহত চলি থকা অসামাজিক কাৰ্যকলাপ সমূহ বন্ধ কৰাৰ লগতে ছাত্ৰ মনিৰুল হকক হত্যাৰ চেষ্টা চলোৱা অপৰাধী সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখপত্ৰ এম মুক্তাৰ মণ্ডল, সভাপতি এম বাহাৰুল ইছলাম, প্ৰচাৰ সম্পাদক এম আনোৱাৰ হোছেইন স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

Leave A Reply