Breaking

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী আছুৰঃক’ভিডৰ আতংকঃমন্ত্ৰী পীযুষ হাজৰিকাই আতিথ্য নল’লে এন এইচ পি চিৰ

0 2,038

২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰিি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধৰ দাবী জনাইছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত ছাত্ৰ সন্হাৰ তৰফৰ পৰা বিবৃটিত কয়- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত নৱগঠিত অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে ৷ যিহেতু প্ৰকল্পটোৰ নামনি অংশৰ জনসাধাৰণৰ জীৱন-সা-সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ এতিয়াও সংশয় আঁতৰা নাই ৷ এনেক্ষেত্ৰত অ-কৰ্তৃত্বশীলভাৱে প্ৰকল্পটো এন এইচ পি চিয়ে নিৰ্মাণ অব্যাহত ৰখাটো ছাত্ৰ সন্হাই কোনোপধ্যেই মানি নলয় ৷ ছাত্ৰ সন্হাৰ ফালৰ পৰা লগতে কয়- সম্প্ৰতি ক’ভিড-১৯ ৰ ভয়াবহতাই সমগ্ৰ ৰাজ্যখনৰ দৰে বৃহত্তৰ গোগামুখ অঞ্চলৰ জনসাধাৰণকো আতংকিত ৰাখিছে ৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ক’ভিড প্ৰট’কলৰ বিধি বান্ধি দিয়াৰ লগতে জনতা কাৰ্ফিউ জাৰি কৰিছে ৷ কিন্তু এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ নিৰ্মাতা সংস্হাবোৰে ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে ভংগ কৰি হাজাৰ হাজাৰ শ্ৰমিকক লৈ দিনে-নিশাই কি দৰে প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাব পাৰিছে তাক লৈ আচৰ্য্য প্ৰকাশ কৰিছে ছাত্ৰ সন্হাই ৷ এন এইচ পি চিৰ জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে গোগামুখত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে আৰু তিনিগৰাকী প্ৰকল্পত নিৰ্মাণত জৰিত শ্ৰমিকে ক’ভিডত প্ৰাণহেৰুৱাইছে ৷ এন এইচ পি চিয়ে অচিৰেই যদি তেওঁলোকৰ জনবিৰোৰধী কাৰ্য ভংগ নকৰে তেন্তে ছাত্ৰ সন্হাই পুনৰ এন এইচ পি চিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব বুলি চৰকাৰ আৰু এন এইচ পি চিক সকীয়নি দিছে ৷ বিবৃটিতো স্বাক্ষৰ কৰিছে ধেমাজি জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা গোপাল দাস, জিলা কাৰ্যনিৰ্বাহক ঋতুপৰ্ণ কোঁচ, সত্যজিৎ সোনোৱাল আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি সত্যজিৎ চেতিয়া আৰু সম্পাদক অনিৰ্বাণ শইকীয়াই ৷  ইপিনে উত্তৰ অসম ভ্ৰমণলৈ অহা ৰাজ্য চৰকাৰৰ শক্ততিশালী মন্ত্ৰী পীযুষ হাজৰিকাই জোনাই, মাজুলী আৰু ঢকুৱাখনাৰ বান-গৰাখহনীয়া পৰিদৰ্শনৰ অন্তত এন এইচ পি চিৰ অতিথিশালাত কালি ৰাতি এন এইচ পি চিৰ আতিথ্যত থকাৰ কথা আছিল  যদিও এন এইচ পি চিৰ প্ৰকল্প নিৰ্মাণস্থলী গেৰুকামুখৰ চৌদিশ ক’ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ বাবে এন এইচ পি চিৰ অতিথিশালাত থকাৰ পৰা বিৰত থাকে ৷ ইয়াৰ বিপৰীতে মন্ত্ৰী গৰাকী কালি নিশা জোনাইৰ চাৰ্কিট হাউছত নিশা কটোৱা বুলি জানিব পৰা গৈছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে কাৰ্যই গোগামুখ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দায়িত্বশীল মন্ত্ৰী হাজৰিকাই ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ভয়ত এন এইচ পি চিৰ অতিথিশালাত নাথাকিল ঠিকেই আছে ৷ কিন্তু এন এইচ পি চিয়ে চৰকাৰৰ জ্ঞাতসাৰেই চৰকাৰী ক’ভিড বিধি উলংঘা কৰি প্ৰকল্প নিৰ্মাণত কি দৰে হাজাৰ হাজাৰ শ্ৰমিকক প্ৰকল্প নিৰ্মাণত নিয়োজিত কৰিব পাৰিছে তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Leave A Reply