Breaking

ইটাখোলাৰ খেৰবাৰীৰ ঠাণ্ডা পানীৰ উঁ‌হ সংৰক্ষণৰ দাবী

0 1,324

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত গেলাহাটিঙাৰ খেৰবাৰীত এক ইতিহাস বিজড়িত ঠাণ্ডা পানীৰ উঁ‌হক পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী অসম অৰুনাচল সীমান্তৱৰ্তীৰ চিজুছালৈ যোৱা মূল পথৰ দাঁ‌তিত থকা ঠাণ্ডা পানীৰ উঁ‌হ ওলোৱা দুটাকৈ স্থানত গেলাহাটিঙা বাগিচা কৰ্তৃপক্ষই ৰাইজৰ খোৱা পানীৰ সুবিধাৰ্থে কোঁ‌ৱা ৰিং বহুৱাই দিছিল যদিও বৰ্তমান ৰিং দুটা ভাঙি-চিঙি যোৱা পৰিলক্ষিত হৈছে। ভিতৰুৱা অঞ্চলৰ ঠাই হিচাপে স্থানীয় লোকে প্ৰতি মূহূৰ্তত ঠাণ্ডা পানীৰ উঁ‌হ ওলাই থকাত গোলাঘাটৰ গৰম পানীৰ উঁ‌হৰ দৰে উক্ত স্থানটোকো অলৌকিক বুলি ভাবি আহিছে যদিও অঞ্চলটোৰ ইতিবৃ্‌ত্ত অনুসৰি ১৯৫০ চনৰ অসমত হোৱা বৰ ভুমিকম্পৰ ফলত ঘটা অভিকেন্দ্ৰৰ বাবে কোনো নৈৰ সুতৰ পানী উক্ত স্থানত সকলো সময়তে উলাই থকা দেখা যায়। ঠাইখনৰ স্থানীয় লোকৰ মতে উক্ত স্থানত বুৰ-বুৰকৈ ওলাই থকা পানীৰ উঁ‌হৰ বাবে বৰ্তমান ঠাইখন বুৰবুৰি বুলি পৰিচিত হৈ পৰিছে। খেৰবাৰী বুৰবুৰিৰ ঠাণ্ডা পানীৰ উঁ‌হ বাৰ মাহে নুশুকুৱাকৈ ২৪ ঘন্টাই পানী ওলাই থকাত বহু সময়ত বহু লোকে আচৰ্য প্ৰকাশ কৰাৰ লগতে অলৌকিক ভাবে পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা যায়। বৰ্তমান উক্ত ঠাণ্ডা ফটফটীয়া দেখাত পৰিস্কাৰ পানীৰ উঁ‌হৰ পৰা উলোৱা পানী নিকটৱৰ্তীত বসবাস কৰা লোকে খোৱা পানী হিচাপে ব্যৱহাৰ,গা ধোৱা,কাপোৰ ধোৱা পানী হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও স্থানীয় লোকসকলৰ নদী ঘাটৰ মাংগলীক কামসমুহ উক্ত উঁ‌হৰ পানীত কৰি অহা দেখা যায়। ইফালে আজি কিছু বছৰ পূৰ্ব্বৰ পৰা উক্ত বুৰবুৰিৰ উঁ‌হৰ পানীত প্ৰতিবছৰে পূজা-অৰ্চনাৰ ঘাট হিচাপে স্থায়ী স্থান হিচাপে স্থাপন কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘকাল ধৰি ঠাইখনত ঠাণ্ডা পানীৰ উঁ‌হে পথচাৰীৰ লগতে স্থানীয় লোকৰ খোৱা পানীৰ অভাব পূৰণ কৰি আহিছে সেইহে ঠাইখন পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী  জনাইছে স্থানীয় ৰাইজে। 

Leave A Reply