সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা নৱজ্যোতি আদৰ্শ গাঁৱস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক চন্দন সোনোৱালে পৰিচালনা কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক বিপুল সোনোৱালে।আজিৰ সভাতে যোৱা ১০ ডিচেম্বৰ তাৰিখে সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই জান্টু সোনোৱালক সভাপতি, শান্তিৰাম সোনোৱাল, ভাস্কৰ সোনোৱাল, ভদ্ৰ সোনোৱালক উপ সভাপতি, ৰবীন্দ্ৰ কছাৰীক সাধাৰণ সম্পাদক, হীৰেশ্বৰ সোনোৱাল, মন্টু সোনোৱালক সহকাৰী সাধাৰণ সম্পাদক, ঋতুপৰ্ণ সোনোৱালক শিক্ষা সম্পাদক, যুগল সোনোৱাল,

চিনু বড়া,অনুপম সোনোৱালক ক্ৰীড়া সম্পাদক, শৰৎ সোনোৱালক তথ্য আৰু প্ৰচাৰ, লীমা সোনোৱাল, সোণমণি সোনোৱাল, নয়ণা সোনোৱাল, বিজয়া সোনোৱালক সাংস্কৃতিক সম্পাদিকা, আনন্দ সোনোৱালক বিত্ত সম্পাদক, বিশ্বজিৎ সোনোৱালক মুখ্য সাংগঠনিক, তপন সোনোৱাল, অৰুণ সোনোৱাল, মানৱ সোনোৱাল, ললিত সোনোৱালক সাংগঠনিক সম্পাদক, মৃদুল সোনোৱালক উপদেষ্টা লৈ গঠন কৰা চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী ছাত্র সন্থাৰ কাৰ্য্যনিৰ্বাহক সমিতিখনে কাৰ্য্যভাৰ গ্রহণ কৰে। নৱগঠিত সমিতিখনৰ বিষয়ববীয়া,সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱালে।

সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰশান্ত সোনোৱাল, কাৰ্য্যালয় সম্পাদক প্ৰফুল্ল কছাৰী,ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱণ সোনোৱাল, উপ সভাপতি পবিত্ৰ ঢেকিয়াল, সহকাৰী সাধাৰণ সম্পাদক দুলেন সোনোৱাল, কাৰ্য্যালয় সম্পাদক প্ৰণৱ বৰশইকীয়া।সভাই সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, চিলাসূঁতি, গাই নদীৰ স্থায়ী বান নিয়ন্ত্ৰণ কৰা, ব্ৰহ্মপুৰৰ পৰা কলৌলোৱা সংযোগী পথৰ ঘগৰা নদীৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণ কৰাৰ দাবী জনায়।

