নগাঁও সদৰ বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ৰূপক শৰ্মাক অসম মন্ত্ৰীসভাত স্থান দিবলৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে বিজেপি শীৰ্ষ নেতৃত্বক দাবী জনাইছে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বৰুৱাই কয়- ৰূপক শৰ্মা এগৰাকী দক্ষ বিধায়ক। বিগত পাঁচটা বছৰত নগাঁও সদৰ সমষ্টিত ৰূপক শৰ্মাৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়ন হৈছে। সেয়ে ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিলে নগাঁও জিলাৰ লগতে অসমৰ উন্নয়নত বিধায়ক ৰূপক শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিষদে বিশ্বাস কৰে। উল্লেখ্য যে সুদীৰ্ঘ ২০ বছৰত জিলাখনৰ এই ঐতিহ্য মণ্ডিত সমষ্টিটোত কোনো বিধায়কে মন্ত্ৰীত্ব লাভ কৰা নাই। তদুপৰি পৰিষদে চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু খুমটাই বিধায়ক মৃণাল শইকীয়াকো মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনাইছে। তদুপৰি নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি দিপক বৰা আৰু সম্পাদক প্ৰভাত বৰাইও নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক দাবী জনাইছে।