Breaking

শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী-হয়ৱৰগাঁও-মৈৰাবাৰী যাত্ৰীবাহী ৰেলগাড়ী শীৰ্ঘে চলাচলৰ দাবী

0 2,087

নগাঁও জিলাৰ শিলঘাটৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-হয়ৱৰয়গাওঁ-মৈৰাবাৰীলৈ দৈনিক চলাচল কৰা ৰেলগাড়ী দুখনৰ ক’ভিড ১৯ সৃষ্ট পৰিবেশৰ মাজত পৰি আজি প্ৰায় আঠ-ন মাহে চলাচল বন্ধ হৈ থকাত দৈনিক শিলঘাটৰ পৰা নগাঁও হৈ আৰু মৈৰাবাৰীৰ পৰা হয়ৱৰগাঁও হৈ গুৱাহাটীলৈ অহা যোৱা কৰা হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত ভিষন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

সমগ্ৰ দেশজোৰি দীৰ্ঘদিনীয়া ল’কডাউনৰ ফলত বৰ্তমান সকলো স্তৰতে পুনৰ কামকাজ প্ৰায় সুন্দৰ ৰূপত আৰম্ভ হৈছে৷ নিজ নিজ কৰ্মস্থলীলৈ কৰ্মচাৰী সকল উভতি যাৱলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে মধ্য অসমৰ পৰা পূৰ্ৱতে এই ৰেলগাড়ী দুখনৰে দৈনিক গুৱাহাটী মহানগৰীৰ নিজ নিজ গন্তব্যস্থানত কৰ্ম সম্পাদন কৰা বহু পৰিয়ালে-চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে এই দুখন ৰেলগাড়ীৰ ওপৰতে নিৰ্ভৰ কৰিয়েই নিৰাপদে যাত্ৰা কৰি আহিছিল ৷

কিন্ত,প্ৰায় আঠ মহীয়া ক’ভিড সৃষ্ট এক পৰিৱেশে সকলোকে কোঙা কৰি পেলোবাৰ পিছত দীৰ্ঘদিনৰ পৰা বন্ধহৈ থকা এই ৰেলগাড়ী দুখন পুনৰ শীৰ্ঘে চলাচল কৰিবৰ বাবে দৈনিক যাত্ৰা কৰা যাত্ৰী সকলৰ লগতে বহু স্থানীয় লোকে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷ চলিত বছৰৰ বহু কেইদিন ৰেল চলিব বুলি উলোবা দুই-এক উৰা বাতৰিৰ বাবেও শিলঘাটৰ পৰা গুৱাহাটীলৈ যাবলগা যাত্ৰী সকলে বহু সময় ষ্টেচনত অপেক্ষা কৰিও ৰেল ষ্টেচনৰ পৰা উভতি আহিব লগা হোৱাত যাত্ৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে, শিলঘাট, জখলাবন্ধা, শালনা, আমনি, চামগুৰি, পুৰণিগুডাম, নগাঁও, শেনচোৱা, বেবেজীয়া, ফুলগুৰি, ৰহা, চাপৰমুখ আদি অঞ্চলৰ পৰা গুৱাহাটীলৈ যাব লগা যাত্ৰী সকলে অতি কম খৰচত যাত্ৰা কৰিব পাৰে এই শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৷ যিহেতু বৰ্তমান এজন যাত্ৰীয়ে ট্ৰেভেলাৰত ১৩০-১৫০ টকা খৰচ কৰি গুৱাহাটীলৈ যাৱ লগা হয় ৷

কিন্তু, শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনত ৩০-৪০ টকাতে গুৱাহাটী পাব পাৰে আৰু নিৰাপদে ৷ যাৰ বাবে অতি দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰেলযাত্ৰী সকলে ক’ভিড সৃষ্ট পৰিবেশৰ পিছৰে পৰা আজি আঠ মাহে  অতিৰিক্ত চাৰিগুণ ধন ব্যয় কৰি বাছ তথা ট্ৰেভেলাৰত গুৱাহাটীলৈ যাব লগা হৈছে। দৈনিক এনেদৰে গুৱাহাটীলৈ অহা-যোৱা কৰাত বহু পৰিমানৰ টকা হাতৰ পৰা উলাই যোৱাৰ উপক্ৰম হৈছে ৷ সেইয়ে যিহেতু এতিয়া সমগ্ৰ দেশতে ক’ভিডৰ কোনো ভয়-সংকা নাই ৷ এক প্ৰকাৰ ক’ভিড অসমতো নাই ৷

যিহেতু, গুৱাহাটীৰ পৰা অসমৰ বাহিৰলৈ বৰ্তমান বহুকেইখন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা হৈ আছে ৷ ৰাজ্যৰ ভিতৰতো দুৰনীবতিয়া ৰেলগাড়ী বহুকেইখন চলাচল কৰি আছে ৷ সেইয়ে কম দুৰত্ব ৰেলগাড়ী সমুহৰ ক্ষেত্ৰতো এই দুখন ৰেলগাড়ী চলাচলে যাত্ৰী সকলক বহু পৰিমানে সকাহ দিব ৷  সেইয়েহে শীৰ্ঘে শিলঘাট-গুৱাহাটী আৰু গুৱাহাটী- হয়ৱৰগাঁও-মৈৰাবাৰীৰ  মাজত “কলংপাৰ পেছেঞ্জাৰ” অতি জৰুৰী এই দৈনিক ৰেলগাড়ী দুখন চলাচলৰ ব্যৱস্থা কৰিবলৈ দৈনিক অহা-যোৱা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগক দাবী জনাইছে ৷

আনহাতে,পূৰ্ৱতে শিলঘাট-গুৱাহাটীৰ মাজত চলাচল কৰি থকা ড্ৰেমো ৰেল গাড়ীখন যাত্ৰী সকলৰ বাবে অসুবিধাজনক আৰু কম দৱা যুক্ত বুলি বহু যাত্ৰীয়ে সময়ে সময়ে আপত্তি কৰি আহিছে ৷

তদুপৰি, এই ড্ৰেমো ৰেল গাড়ীখন সময়মতে নিৰ্দিষ্ট স্থানত আহি নোপোৱাৰো এক গুৰুতৰ অভিযোগ আছে ৷ মাজে মাজে কোনো কোনো দূৰ্গম ঠাইত এই ড্ৰেমো ৰেলগাড়ীখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু দীৰ্ঘ সময় যাত্ৰী সকল ৰেলগাড়ীতে আবদ্ধ হৈ পৰিব লগাত পৰে ৷ সেয়ে ৰেল যাত্ৰী সকলে এই ড্ৰেমো ৰেলগাড়ীখন বাতিল কৰি পূৰ্বতে চলাচল কৰা অধিক দৱাযুক্ত আৰু আৰামদায়ক ৰেলগাড়ী খন অতিশীঘ্ৰে চলাচলৰ  ব্যৱস্থা কৰিবলৈ দৈনিক যাত্ৰা কৰা ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দাবী জনাইছে ৷

Leave A Reply