Breaking

জৰাজীৰ্ণ ঐতিহাসিক নগা আলি পুনৰ নিৰ্মাণৰ দাবী : লোক নিৰ্মাণ বিভাগৰ ভূমিকাক ধিক্কাৰ

0 29

বৰ্তমানৰ চৰকাৰে সৰ্ব সমষ্টিতে সম ব্যৱস্থাৰে ৰাজ্যখনৰ বাট – পথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিলেষ সৃষ্টি কৰা বুলি জয়ঢোল কোবাই আহিছে যদিও বিৰোধী দলৰ বিধায়ক থকা সমষ্টি সমূহত প্ৰকৃততে ইয়াৰ এখন বিপৰীত ছবিহে পৰিস্ফুট হৈছে । অসম বিধান সভাৰ বিৰোধী দলপতি গৰাকীৰ গৃহ সমষ্টি নাজিৰাৰ বিভিন্ন বাট – পথৰ জৰাজীৰ্ণ অৱস্থাই ইয়াৰ জ্বলন্ত উদাহৰণ । উল্লেখ্য যে , নাজিৰা নগৰ সংযোগী ঐতিহাসিক নগা আলিটোয়েদি বৰ্তমান যাতায়াত কৰোতে যাত্ৰী তথা পথচাৰীয়ে অকাল মৰণৰ আশংকা বুকুত বান্ধি যাব লগা হয় । পথটোৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হোৱা দ’ দ’ গাত সমূহ চৰকাৰী মীনপাম সদৃশ পুখুৰীলৈ উপক্ৰম হৈছে । নাজিৰা নগৰ , দ’ল পুখুৰী , ওপৰ নাজিৰা , সন্দিকৈ গাও , বুদবাৰী সত্ৰ , চানবছা , মাউৎ গাও , শেনৰ আলি , সুন্দৰ পুখুৰী , মেঠনচোৱা , বামুণ পুখুৰী আদিকে ধৰি কুৰিখনৰোধিক ৰাজহ গাৱৰ ছাত্ৰ – ছাত্ৰী , বয়োজ্যেষ্ঠ নাগৰিক তথা ৰাইজে ঐতিহাসিক নগা আলিয়েদি যাতায়াত কৰাত যমৰ যাটনা ভোগ কৰিব লগা হৈছে ।

দীৰ্ঘদিন ধৰি অতি বিধস্ত হৈ থকা এই পথটো সুপৰিকল্পিত ভাৱে পুনৰ নিৰ্মাণৰ দাবীত বিভিন্ন বহু দল – সংগঠনে অৱস্থান ধৰ্মঘট , লোক নিৰ্মাণ বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় ঘেৰাও , স্মাৰক পত্ৰ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো চৰকাৰী বিভাগীয় কৰ্তপক্ষই গান্ধাৰীৰ ভূমিকা পালন কৰি আহিছে । লোক নিৰ্মাণ বিভাগৰ কৰ্তপক্ষৰ এনে ভূমিকাক ধিক্কাৰ দি ” অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদ ” , ” বীৰ লাচিত সেনা ,অসম “কে ধৰি ভালেকেইটা দল – সংগঠনে ঐতিহাসিক নগা আলি শীৰ্ঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজৰ স্বাৰ্থত তীব্ৰ গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।
নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Leave A Reply