Breaking

বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰণৰ দাবী

0 68

বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰণৰ দাবী।বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰাৰ দাবীত বিলাসীপাৰাৰ চহৰত এখন বিশাল গণ অভিবৰ্ত্তন অনুষ্ঠিত কৰিছে।বিভিন্ন অসুবিধা লগতে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ৰাইজে সঘনাই জীয়াতু ভুগিব লগা হয়। সেয়ে এই অঞ্চলৰ ৰাইজে যদিও ইং২০১৩ চনৰ পৰা জিলাৰ দাবী কৰি আহিছে।

মুখ্যমন্ত্ৰীৰ ওচৰত বিভিন্ন দল সংগঠন আৰু ৰাইজে বিলাসীপাৰা দাবী সমিতিৰ পৰা আপোনালৈ বিশেষ ভাৱে অনুৰোধ কৰিছে অহা বছৰৰ ভিতৰতে বিলাসীপাৰাক জিলালৈ উন্নীত কৰিব বুলি দাবী জনায়।সাধাৰণ ৰাইজে বিলাসীপাৰা মহকুমা কাৰ্য্যালয়ৰ সন্মূখত ডেৰ ঘণ্টীয়া অৱস্থান কাৰ্য্যসূচী ৰূপায়ণৰ লগতে মহকুমাধিপতিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply