Breaking

ফুটবল খেলপৰিচালকৰ নিৰাপত্তা সুনিশ্চিত কৰণৰ দাবীত অসমৰ ফুটবল খেলপৰিচালকৰ ক’লা বেজ পৰিধান কৰি খেল পৰিচালনা…

0 44

ফুটবল খেলপৰিচালকৰ নিৰাপত্তা সুনিশ্চিত কৰণৰ দাবীত অসমৰ ফুটবল খেলপৰিচালকৰ কলা বেজ পৰিধান কৰি খেল পৰিচালনা

অসমৰ ফুটবল খেলপৰিচালক সকলে খেলপৰিচালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, যোৱা ১৩/১২/২০২৩ ত কাৰ্বিআংলং জিলাৰ ডিফু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক প্ৰিমীয়াৰ লীগৰ খেলখন ডিফু মৰ্ণিং ষ্টাৰ এফ. চি .আৰু ইউনাইটেড চিৰাং দুৱাৰ এফ .চি . দলৰ মাজত অনুষ্ঠিত হৈছিল। খেলখন সমাপ্ত হোৱাৰ পাছত ইউনাইটেড চিৰাং দুৱাৰ এফ.চি. ৰ কিছু খেলুৱৈ আৰু দলটিৰ সহকাৰী প্ৰশিক্ষকে অসমৰ দুগৰাকী ৰাষ্ট্রীয় খেলপৰিচালক ক্ৰমে আব্দুল মজিদ চৌধুৰী আৰু সহকাৰী পৰিচালক পৱন পাঠকক শাৰীৰিক ভাৱে আক্ৰমণ কৰে।

আনহাতে আজি কিছু দিন পূৰ্বে, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ফুটবল শাখাৰ সহ সম্পাদক অচ্যুত মৰাণে আমাৰ গৌৰৱ অসমৰ একমাত্ৰ সক্ৰিয় ফিফা ৰেফাৰী সুমন্ত দত্তক সামাজিক মাধ্যমত কটু মন্তব্য আগবঢ়োৱাৰ লগতে অসমৰ ফুটবল খেলপৰিচালক সকলক অশ্লীল গালি গালাজ পাৰে। উক্ত দুয়োটা ঘটনাকে সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও দুখীক উচিৎ শাস্তি প্ৰদানৰ লগতে খেলপৰিচালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই ৩ দিনৰ সময় সীমা বান্ধি যোৱা ১৫/১২/২০২৩ তাৰিখে অসম ফুটবল সন্থালৈ এখনি পত্ৰ প্ৰেৰণ কৰে।

কিন্তু অতি পৰিতাপৰ বিষয় এইযে ৩ দিন উকলি যোৱাৰ পাছতো অসম ফুটবল সন্থাই উপৰোক্ত ঘটনাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহল। সেয়েহে, সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হিচাপে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কলা বেজ পৰিধান কৰি খেল পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যদি অসম ফুটবল সন্থাই খেলপৰিচালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰণৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেন্তে অনাগত দিনত অসমৰ ফুটবল খেলপৰিচালক সকলে অসম জুৰি ফুটবল খেল পৰিচালনা বৰ্জন কৰাৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে।

Leave A Reply