Breaking

শিমলীতোলাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

0 2,115

পুৰোহিতৰ মন্ত্ৰোচাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ তেনে সময়তে সংকীৰ্ণতা কিম্বা বিভেদৰ বিৰুদ্ধে  সমন্বয় আৰু ভাতৃত্ববোধৰ এক অনুকৰণীয় ছবি প্ৰস্ফুটিত হৈছে শিমলীতোলা দুৰ্গাপূজা থলীত। পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলত হিন্দু-মুছলমান উভয়ে মিলি পাতিছে ৬৪ সংখ্যক দুৰ্গাপূজা। কভিড প্ৰট’কল মানি এইবাৰৰ পূজাত উভয় সম্প্ৰদায়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিছে পুজাখন। পূজাথলীৰ পৰাই উভয় সম্প্ৰদায়েৰে গঠিত পূজা কমিটিয়ে  সমাজলৈ বিলাইছে এক ইতিবাচক মিলন বাৰ্তা। শিমলীতোলাৰ সাৰ্বজনীন দুৰ্গাপূজা স্থলীৰ পৰাই সমাজত অংকুৰিত হওক প্ৰেম ভাতৃত্ববোধৰ এক পৰিবেশ। স্মৰ্তৱ্য যে অকল পূজাৰ ক্ষেত্ৰতেই নহয় ঈদৰ পৰত হিন্দু সম্প্ৰদায়ৰ লোকেও কৰে পূৰ্ণ সহযোগ। নৱাগত শিমলীতোলাৰ পূজাৰ এই আদৰ্শই সমাজৰ প্ৰতিজনৰ মনলৈ এক প্ৰেম-ভাতৃত্বৰ ভাৱ অংকুৰিত হোৱাৰ কামনা কৰিলে উদযাপন সমিতিয়ে।

Leave A Reply