Breaking

দেওমৰনৈ ভলীবল দলৰ খিতাপ দখল

0 2,073

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৰং জিলা ভিত্তিত অনুষ্ঠিত শ্বহীদ চিত্ত গোস্বামী সোঁৱৰণী প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰে, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সীমান্ত চহৰীয়াই, বন্তি প্ৰজ্বলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অপূৰ্ব শৰ্মাই, শ্বহীদ চিত্ত গোস্বামীৰ প্ৰতিচ্ছবি ত মাল্যাপৰ্ণ কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কৰুনা বৰুৱা ই, শ্বহীদ চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদ চিত্ত গোস্বামীৰ ভাতৃ ত্ৰৈলোক্য মোহন গোস্বামীয়ে, খেলপথাৰ উদ্বোধন কৰে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়াই ৷ ভলীবল প্ৰতিযোগিতাত বিশেষ ভাৱে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ লগতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া,মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া, ছিপাঝাৰ আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা, লংকা আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা,দেওমৰনৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ্মাৱতী দেৱী,সৰভোগ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বিপুল ডেকা, সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱা, ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে। নিশা ১-০০ বজাত দেওমৰনৈ ভলীবল দল আৰু কটাহী ভলীবল দলৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ বিশিষ্ট উদ্যোগপতি ক্ৰীড়া সংগঠক তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰীকেট সম্পাদক প্ৰমোদ ৰাজবংশীয়ে উদ্বোধন কৰা খেলখনত দেওমৰনৈ দলে কটাহী দলক পোনপটীয়া চেটত হৰুৱাই চূড়ান্ত বিজয়ৰ সন্মান লাভ কৰে ৷ খেলখনত অবিভক্ত দৰং জিলাৰ আঠটা দলে অংশগ্ৰহণ কৰা খেলখন পৰিচালনা কৰে কুমুদ বৰা,শিৱপ্ৰসাদ শৰ্মা,কৰুণা বৰুৱা আৰু পংকজ শৰ্মাই ৷ খেলৰ সকলো অনুষ্ঠান ৰ আঁত ধৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই ।

Leave A Reply