Breaking

তামুলপুৰ প্ৰেছ ক্লাবত ‘ত্ৰিদশ পাঠক ৰচনা সমগ্র’ উন্মোচন উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ…

0 262


‘সংস্কৃতি, শিক্ষা, ইতিহাসৰ আলোক সন্ধানী লেখাৰে সমৃদ্ধ গ্ৰন্থখন গৱেষণাৰ সমল হ’ব’
তামুলপুৰ অঞ্চলৰ প্ৰথমগৰাকী সাংবাদিক, সাহিত্যিক, আলোচনী সম্পাদক, চিত্ৰশিল্পী, সত্ৰীয়া শিল্পী, অভিনেতা, সমাজকৰ্মী তথা কৃতি শিক্ষক স্বৰ্গীয় ত্ৰিদশ পাঠকদেৱৰ প্ৰায় পাচটা দশকৰ বিভিন্ন বাতৰি কাকত, আলোচনীত প্ৰকাশিত তথা অপ্ৰকাশিত লেখাৰ একত্র সংকলন ‘ত্ৰিদশ পাঠক ৰচনা সমগ্র’ শীর্ষক গ্ৰন্থখন আজি তামুলপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীর্য পূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে তামুলপুৰ জিলাৰ উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ।

উন্মোচনী ভাষনত উপায়ুক্ত ভাগৱতীয়ে কয় যে ——-
সমন্বয়ৰ থলী তামুলপুৰলৈ আহি বিটিআৰ প্ৰতি তেওঁৰ ধাৰণাই সলনি হৈ গল। তামুলপুৰৰ এসময়ৰ এগৰাকী পুৰোধা ব্যক্তি প্ৰয়াত ত্ৰিদশ পাঠক দেৱে পাচটা দশকত লিখা সংস্কৃতি, শিক্ষা, ইতিহাসৰ আলোক সন্ধানী লেখাৰে সমৃদ্ধ গ্ৰন্থখন ভবিষ্ ৎ প্ৰজন্মৰ বাবে গৱেষণাৰ সমল হ’ব, পাঠকদেৱৰ পৰিয়ালে এই গ্ৰন্হখনৰ জৰিয়তে এক মহৎ কাৰ্য সমাধা কৰিলে তেওঁ কয়। গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাবে অংশ গ্রহন কৰি তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে এনেধৰণৰ অনুষ্ঠান ব্যপক পৰিসৰত হোৱা উচিত বুলি মন্তব্য কৰি তামুলপুৰৰ বিভিন্ন ক্ষেত্রৰ প্ৰতিভা সমূহক আগবঢ়াই নিয়াৰ সমন্বিত প্ৰচেষ্টাৰে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
১৯৫৭ চনত ‘অসমীয়া’ কাকতত প্ৰকাশিত প্রথমটো লেখাৰ পৰা আৰম্ভ কৰি ‘নতুন অসমীয়া’, ‘দৈনিক অসম’, ‘অসম বাণী’, ‘অসম বাতৰি’ তথা অন্যান্য আলোচনী, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশিত- সংস্কৃতি, শিক্ষা, ইতিহাস তথা তামুলপুৰৰ বিভিন্ন বিষয়ৰ ইতিহাস সম্বলিত প্ৰবন্ধৰ লগতে গল্প, ৰসৰচনা, জীৱনী আদিও গ্ৰন্থখনত সন্নিবিষ্ট হৈছে।
বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি, সন্মানীয় অতিথি আৰু আমন্ত্রিত অতিথি হিচাপে উপস্থিত আছিল ক্ৰমে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰৰ সভাপতি তথা লেখক ডাঃ ৰমেন কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা আৰু বি. টি. আৰ.ৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা । সভাৰ আৰম্ভণি কৰা হয় মুনমী পাঠকৰ এটি বৰগীতেৰে। সভাত বিভূতি ডেকা, হেমন্ত কুমাৰ ৰাভা, লীলাধৰ ওজা, গিৰীশ মহন্ত আদিয়ে ভাষণ প্রদান কৰে।


মুখ্য অতিথিৰ ভাষণত বিধায়ক জলেন দৈমাৰীয়ে তামুলপুৰৰ বিভিন্ন বিষয়ৰ ওপৰত পাঠকদেৱে লিখি থৈ যোৱা প্ৰবন্ধসমূহে নৱপ্ৰজন্মক বহু নতুন কথাৰ সম্ভেদ দিব বুলি মন্তব্য কৰে ।
ডা: ৰমেন কাকতিদেৱে পুৰণি তামুলপুৰৰ পৰা নতুন তামুলপুৰ গঠনত ত্ৰিদশ পাঠকদেৱৰ অৱদানৰ কথা উল্লেখ কৰে। পঞ্চাশৰ দশকতে লেখক হিচাপে স্বীকৃতি পোৱা এগৰাকী প্ৰতিভাৱান লেখক ত্ৰিদশ পাঠকদেৱৰ সাহিত্য কৃতিৰ এই সংকলনখনে আমাক নতুন দিশৰ সন্ধান দিব বুলি সভাত প্ৰকাশ কৰে কলিতা সন্মিলনীৰ সভাপতি ডাঃ ৰমেন কাকতিয়ে । চিন্ময় পাঠকে আঁত ধৰা সভাখনত ভালেসংখ্যক গন্যমান্য লোক তথা সাংবাদিকৰ উপস্থিতিত উন্মোচিত গ্ৰন্থখনৰ সম্পাদক তথা প্ৰকাশক ড০ নয়নজ্যোতি পাঠকে বিগত দুটা বছৰ ধৰি গ্ৰন্থখন প্ৰকাশৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । প্ৰায় তিনিশ পৃষ্ঠাৰ বিশাল কলেবৰৰ গ্ৰন্থখনৰ সম্পাদনা উপদেষ্টা হিচাপে আছে হেমচন্দ্র পাঠক। সভাখনৰ শেষত পাঠকদেৱৰ জীয়ৰী যুতিকা পাঠকে শলাগৰ শৰাই আগবঢ়াই।

Leave A Reply