Breaking

চৰাইদেউ জিলা এৰাৰ প্ৰাক-ক্ষণত উপায়ুক্ত পল বৰুৱাৰ অনুভৱ

0 60

অন্যায় আৰু দুৰ্নীতিক আশ্ৰয় নিদিয়া, নিৰ্ভীকতাৰে নিজৰ পদ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ শক্তিশালী মনোবল লৈ কাৰ্য নিৰ্বাহ কৰা চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই পদোন্নতিসহ বদলিৰ নিৰ্দেশনা লাভ কৰাৰ পিছত নিজৰ অনুভব ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় -“একেলগে সকলো মানুহক সন্তুষ্ট কৰাতো কেতিয়াও সম্ভৱ নহয়। মই চৰাইদেউ জিলাক এক নতুন ৰূপত গঢ়িবলৈ চেষ্টা কৰিছিলো। এই ক্ষেত্ৰত সহায় সহযোগ নোপোৱা নহয়; কিন্তু অন্যায় আৰু দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া বাবে বহু লোকে মোক বেয়া পোৱাতো স্বাভাবিক। মোৰ বিবেকক দংশন কৰি কোনো বিশেষ ব্যক্তিক সন্তোষ্ট কৰাতো মোৰ ইচ্ছাৰ পৰিপন্থী। এগৰাকী প্ৰশাসনীয় মুৰব্বী হিচাবে জিলা খনৰ প্ৰশাসন ব্যৱস্থাক নিখুঁত ভাবে চলাই জনসাধাৰণৰ মাজত এখন স্বচ্ছ প্ৰশাসনীয় ব্যৱস্থা পুনঃ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছিলো। কিমান সফল হ’ব পাৰিলো তাৰ বিচাৰ কৰিব চৰাইদেউ বাসীয়ে। স্বচ্ছ আৰু নিকাৰে প্ৰশাসন চলাবলৈ যাওঁতে বহু লোক অসন্তুষ্ট হৈছিল“।

লগতে উপায়ুক্ত পল বৰুৱাই ক’লে- “নিজৰ স্বাৰ্থত আঘাত লগা সকলে মাজে মাজে মোৰ বিৰুদ্ধে কেতবোৰ অপ প্ৰচাৰ চলোৱা মোৰ কাণত পৰিছিল। তথাপিও মই নিজক দুৰ্বল নকৰি দুগুণ সবল ৰূপত কাম কৰাৰ বাবে প্ৰস্তুত কৰি তুলিছিলো আৰু বহু সময়ত সকলো হৈছিলো। মই কিছু ক্ষেত্ৰত কঠোৰ হোৱা বাবে বহুতে মোক বেয়া পাইছিল। সেই বুলি চৰাইদেউ বাসীৰ মৰম স্নেহে মোক যথেষ্ট উৎসাহিত কৰিছিল।বেয়া পোৱা সকলৰ মাজতো ভালপোৱা ব্যক্তি আছিল যি সকলে মোৰ কাৰ্যকালত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জিলা প্ৰশাসন চলোৱাত অনুপ্ৰেৰণা যোগাইছিল। তৈল মৰ্দন ‘ আৰু তোষামোদক গুৰুত্ব নিদিয়াৰ বাবে মই বেচি জনপ্ৰিয়তা লাভ নকৰিলো। কাৰোবাক ভালৰি বোলাবলৈ গৈ মই মোৰ নিজৰ বিবেকক দংশন কৰা নাছিলো। মোৰ নৈতিকতাক বিসৰ্জন নিদিয়াকৈ চৰাইদেউ জিলাৰ উপায়ুক্ত ৰূপে যিমান দিন কাৰ্যনিৰ্বাহ কৰিলো তাৰ পৰা জীৱনত নোপোৱা এক বিৰল অভিজ্ঞতা লাভ কৰিলো চৰাইদেউত। চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰা সাংসদ বিধায়ক দ্বয়ৰ পূৰ্ন সহযোগ পোৱাত জিলাৰ প্ৰশাসন ব্যৱস্থাত নতুন চিন্তা চেতনাৰে এখন সুস্থ পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত কিঞ্চিত পৰিমানে সফল হৈছিলো।মানুহ স্বাৰ্থপৰ, সেই বুলি মাত্ৰাধিক স্বাৰ্থপৰতাই মানৱ সমাজত বিৰূপ প্ৰভাৱ পেলায়। এনে দিশবোৰ অনুধাৱন নকৰা সকলে মোক বেয়া পোৱাতো স্বাভাবিক।মই চৰাইদেউ বাসীক অশেষ ধন্যবাদ জনালো। চৰাইদেউবাসী অত্যন্ত অতিথি পৰায়ন। চৰাইদেউবাসীয়ে দেখুওৱা সহানুভূতিয়ে মোক সদাই সোৱৰাই থাকিব”।

উপায়ুক্ত পল বৰুৱাই বিদায় ক্ষণত অতি আবেগিক হৈ পৰে। নতুন উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে যোগদান কৰিছে। সাহিত্য – সংস্কৃতিৰ ক্ষেত্ৰ সৱল স্থিতি থকা নৱ নিয়ুক্ত উপায়ুক্ত গৰাকীয়ে চৰাইদেউ জিলাক নতুন ৰূপত আগবঢ়াই নিব বুলি চৰাইদেউ বাসীয়ে আশা প্ৰকাশ কৰিছে।

Leave A Reply