Breaking

মাজুলীৰ দবলি চাপৰিবাসীৰ কাষত উপায়ুক্ত পুলক মহন্ত

0 2,060

মাজুলীৰ দবলি চাপৰিৰ ৰাইজক ভেকচিন ল’বলৈ আহ্বান জনাবলৈ তথা আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতাৰ উদ্দেশ্যে মাজুলীৰ  উপায়ুক্ত  পুলক মহন্ত  ২৬ অক্টোবৰৰ পুৱা টেকেলিফুটা ঘাটৰ পৰা দবলি চাপৰি অভিমুখে যাত্ৰা কৰে ৷ চাপৰিত উপস্থিত হৈ ৰাইজৰ আদৰণি গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে দবলি চাপৰি প্ৰাথমিক বিদ্যালয় টীকাকৰণ কেন্দ্ৰটি পৰ্যবেক্ষণ কৰে  ৷  ইয়াৰ পাছত ৰাইজে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় ৷সভাত অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই টীকাকৰণ সন্দৰ্ভত কয় যে- মাজুলীৰ ৯৯.২৫ % লোকে ইতিমধ্যেই ক’ভিড টীকাকৰণ গ্ৰহণ কৰিছে ৷ গতিকে মাজুলীক সম্পুৰ্ণৰূপে ক’ভিডমুক্ত কৰিবলৈ  ৰাইজৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাত যি সকলৰ নাম অন্তৰ্ভূক্ত হোৱা নাই , সেই সকলক নাম পঞ্জীয়নভূক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁ  ৰাইজক মিছন বসুন্ধৰাৰ অধীনত মাটিৰ জৰীপৰ জৰিয়তে ভূমি নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে কয় যে -ভুৱা তথ্য দি মাটি পট্ৰা ল’বলৈ চেষ্টা কৰা ব্যক্তি সকলৰ বিৰুদ্ধে যথোচিত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷উপায়ুক্ত গৰাকীয়ে স্হানীয় পশুপালক সকলৰ সুবিধাৰ্থে প্ৰত্যেক দুসপ্তাহৰ মূৰে- মূৰে একোখনকৈ পশু চিকিৎসা শিবিৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু উজনি মাজুলীৰ চক্ৰ বিষয়াক ইয়াৰ পৰিচালনা কৰিবলৈ দায়িত্ব অৰ্পন কৰে ৷ উপায়ুক্ত গৰাকীয়ে যুটীয়া স্বাস্থ্য সঞ্চালকক উক্ত শিবিৰত এজন পশু চিকিৎসকৰ ব্যবস্থা কৰিবলৈও নিৰ্দেশ দিয়ে ৷ ৰাইজৰ অনুৰোধ মৰ্মে উপায়ুক্তই প্ৰত্যেক মাহতে ৰাইজৰ সু-স্বাস্থ্যৰ বাবে একোখনকৈ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ উপৰিও ৰাইজৰ অভাৱ অনাটনৰ পিনে দৃষ্টি ৰাখি উপায়ুক্ত গৰাকীয়ে আঞ্চলটোত এখন সুলভ মূল্যৰ দোকান খোলা হ’ব বুলি ৰাইজক জনায়  স্থানীয় ৰাইজে যাতায়াতৰ সুবিধাৰ বাবে এমজিএনৰেগা আঁচনিৰ অধীনত দবলি চাপৰিৰ পৰা দিচাংমুখ ঘাটলৈ এটি পথ নিৰ্মাণৰ প্ৰস্তাৱ উপায়ুক্তক আগবঢ়ায়   ইয়াৰ উপৰিও তেওঁলোকে এটি ৰঙ্গমঞ্চ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায় ৷ উপায়ুক্তৰ লগত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সঞ্চালক ডা° নীলকান্ত পেগু , উজনি মাজুলীৰ চক্ৰ বিষয়া  নৱজ্যোতি দাস , তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়া ৷

Leave A Reply