Breaking

নলবাৰীৰ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাসৰ বিদায় সম্ভাষণ 

0 43

৩০ ডিচেম্বৰত অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাসৰ বিদায় সম্ভাষণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাস আজি চাকৰি জীৱন পৰা অৱসৰ হয় । জিলাখনৰ কুমাৰীকাটাৰ নিবাসী ভূপেন দাসে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন ১৯৮৩ চনত যোগদান কৰিছিল।

আৰু আজি সুৰ্দীঘ বছৰে সত্য আৰু নিষ্ঠাৰে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত দায়িত্ব পালন নলবাৰীত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰে ভূপেন দাসে । সেইমৰ্মে আজি নলবাৰী চহৰস্থিত অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ভূপেন দাসক আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনাই সতীৰ্থ সকলে।

আনহাতে বিষয়া গৰাকীক শৰাই মানপত্ৰ আৰু ফুলাম গামোচা পিন্ধাই বিদায় সম্ভাষণ জ্ঞাপন কৰা হয়।কাৰ্যালয়টোৰ সহকাৰী উপ পৰিদৰ্শক সতীশ চন্দ্ৰ বৈশ্যই উদ্দেশ্য বাখ্যা কৰা আজিৰ এই বিদায় সম্ভাষণ অনুষ্ঠানত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং,নলবাৰী জিলা আৰক্ষী সংযোগৰ পৰিদৰ্শক উৎপল কুমাৰ শৰ্মা সহ ভালে কেইগৰাকী বিষয়ববীয়া আৰু সতীৰ্থ কৰ্মীসকল উপস্থিত থাকে।

Leave A Reply