Breaking

দেৰগাঁও আৰক্ষী থানালৈ ৰাজ্যৰ শ্ৰেষ্ঠ থানাৰ সন্মান…

0 1,597

অসমৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ে দেৰগাঁও আৰক্ষী থানালৈ ৰাজ্যৰ শ্ৰেষ্ঠ সন্মান প্ৰদান কৰিছে৷ ইয়াৰ উপৰিও দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ থানা হিচাপে স্বীকৃতি পাইছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগক যিদৰে ৰাইজৰ লগত সু সম্পৰ্ক গঢ়ি চলিবলৈ পৰামৰ্শ দিয়ে থিক সেই দৰে দেৰগাওঁ থানাৰ প্ৰতিজন আৰক্ষী য়ে দেৰগাওঁ বাসীৰ লগত সুসম্পৰ্ক গঢ়ি তুলিছে। অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো দেৰগাওঁ থানা সফল হৈছে৷ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক হোৱাৰ বাবে অপৰাধ উদঘাটনৰ ক্ষেত্ৰতো সফল হৈছে দেৰগাওঁ আৰক্ষী থানা।

স্বাধীনতাৰ প্ৰাক ক্ষণত এনে এটা সু খবৰে দেৰগাওঁ বাসীৰ লগতে গোলাঘাটবাসীয়েও সুখৰ লগতে গৌৰাৱাম্বিত হৈছে ৷ দেৰগাওঁ ৰাইজে দেৰগাওঁ আৰক্ষী থানাক শুভেচ্ছা জনাই ।দেৰগাওঁ ABVP ৰ ফালৰ পৰা দেৰগাওঁ শাখাৰ হৈ সম্পাদক মাধুৰ্য্য বৰা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যকৰ্তা সকলে দেৰগাওঁ আৰক্ষী চক্ৰ পৰিদৰ্শক ময়ূৰজিৎ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতি প্ৰতিবেদন

Leave A Reply