Breaking

মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচায় পেলালে দেশী জনগোষ্ঠীৰ শিল্পী হজৰত আলীয়ে …

0 84

চৰকাৰে দেশী জনগোষ্ঠীক স্বীকৃতি প্ৰদান কৰাৰ পাছতেই ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীৰ এগৰাকী দেশী শিল্পয়ে প্ৰশংসাৰে উপচায় পেলালে মুখ্যমন্ত্ৰীক ।

ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীৰ এগৰাকী শিল্পয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰশংসা। ধুবুৰী জিলাৰ ইছলাম ধৰ্মাৱলম্বীৰ হজৰত আলী নামৰ শিল্পী গৰাকীয়ে জনালে ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমান্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ছাৰ বহুত ভাল মনৰ মানুহ ইয়াৰ উপৰিও ক’লে মুখ্যমন্ত্ৰী ছাৰ হিন্দু আৰু মুছলমান লোকসকলৰ বাবে ভাল কাম কৰি আছে, ৰাস্তা- ঘাট যথেষ্ট পৰিমাণে উন্নয়ন কৰিছে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসাৰে উপচায় পেলালে শিল্পী গৰাকীয়ে।

দৰাচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া লোকসকলৰ বাবে কেবাদিন পূৰ্বে চৰকাৰী মৰ্যাদা প্ৰদান কৰাৰ আনন্দত এইদৰে মুখ্যমন্ত্ৰীৰ লগতে ধুবুৰী জিলা দেশী জনগোষ্ঠীৰ সমিতিৰ সভাপতি ইনামুল হকক ধন্যবাদ জনায় ।


ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দেশী জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত থকা শিল্পী সকলক এতিয়াৰে পৰা দেশী গীত পৰিৱেশন কৰিবলৈ আহ্বান জনায় লগতে শিল্পী গৰাকীয়ে উল্লেখ কৰি জনালে দেশী গীত শিক্ষা দিয়াৰ ক্ষেত্ৰতো ইচ্ছুক ছাত্ৰ -ছাত্ৰীসকলক বিনামূলীয়াকৈ দেশী গীত শিক্ষা দিব শিল্পী হজৰত আলীয়ে।


ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলম

Leave A Reply