হৰেকৃষ্ণ মহন্ত আতাই জীৱিত অৱস্থাত লাভ কৰা সন্মান-সম্বৰ্দ্ধনা-বঁটা সমুহৰ বিৱৰণ:–

0 1,007

হৰেকৃষ্ণ মহন্ত আতাই জীৱনত প্ৰথম বাৰৰ বাবে ২০০৬ চনত শ্ৰীমন্ত শংঙ্কৰদেৱ সত্ৰ সমিতি দৰঙৰ পৰা আনুষ্ঠানিক ভাৱে “ভকত শিৰোমণি” উপাধি লাভ কৰে।এয়াই আছিল তেওঁৰ উপাধি বা অভিধা তথা বঁটা লাভৰ যাত্ৰি। ইয়াৰ পিছত তেওঁ একাধিক ভাৱে ২০১১ চনত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ পৰা লাভ কৰে “বুদ্ধ নেচনেল ফিলশ্বিপ এৱাৰ্ড ২০১১”। ২০১১-১২ চনত ৰাষ্ট্ৰীয় পয্যায়ৰ স্বেচ্ছাসেৱী সংগঠন “ব্ৰাদাৰ্চ”ৰ পৰা লাভ কৰে” গঢ়মূৰীয়া পীতাম্বৰদেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটা”।অপূৰ্ব সিংহ ন্যাসে ২০১২ চনত প্ৰদান কৰে “অপূৰ্ব প্ৰেৰণা বঁটা”।২০১৩ চনত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমে প্ৰদান কৰে “সত্ৰ ভূষণ” উপাধি।
২০১৭ চনত ব্যতিক্ৰম ৰাচডো অনুষ্ঠানে “ড° ভূপেন হাজৰিকা ব্যাতিক্ৰ সমন্বয় বঁটা ২০১৭ “প্ৰদান কৰি ধন্য হয়। ২০১৭-১৮ চনত সুন্দৰীদিয়া সত্ৰৰ উদ্যোগত “মাধৱদেৱ বঁটা” লাভ কৰিবলৈ সক্ষম হয়।একে বছৰতেই অসম চৰকাৰে উদ্যোগত “গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা” লাভ কৰে।২০২০ বৰ্ষত প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰে “উত্তম পুৰুষ বঁটা ২০২০ “প্ৰদান কৰে।
২০২১ চনত সদৌ অসম কেওঁট জাতীয় পৰিষদৰ পৰা স্বাধীনতা সংগ্ৰামী বীৰঙ্গনা “কনকলতা বৰুৱা স্মাৰক বঁটা”লাভ কৰে এই গৰাকী সংগ্ৰামী পুৰুষে।শেহান্ত তেওঁৰ পৰলোক প্ৰাপ্তিৰ এদিন পূৰ্বত ওদালগুৰি জিলা সাহিত্য সভাই দুই বছৰৰ মুৰে মুৰে সমাজজীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা ,সকলোৰে পূজনীয় আৰু আদৰ্শ স্বৰূপ ব্যক্তিক প্ৰদান কৰি অহা “ওদালগুৰি ৰত্ন ২০২০” সন্মান প্ৰদান কৰি ধন্য অনুভৱ কৰে ।ভকত শিৰোমণি শ্ৰীহৰেকৃষ্ণ মহন্ত আতাই প্ৰায় ৯৮ বছৰ বয়সত নিজৰ আচাৰ-আচৰণ-সহজ সুলভ উদাৰ কৰ্ম-আৰ্হি আদৰ্শেৰে নানাজাতি উপজাতি-জনজাতিৰ লোকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়। এই গৰাকী সত্ৰাধিকাৰ যিয়ে সদা নিষ্কাম ভাৱেৰে গুৰুদুজনাৰ উদাৰ ধৰ্ম-কৰ্ম দৰ্শনৰ সেৱা কৰি নিজকে আজন্মৰ কাৰণে চিৰধন্য কৰি গল।গুৰু চৰিতৰ পাতত ভকত-বৈষ্ণৱৰ মুখত আমি আতা সকলৰ জীৱন বুৰঞ্জী শুনিছিলোঁ কিন্ত আমাৰ জীৱনত এইগৰাকী আতাপুৰুষৰ সান্নিধ্য পাই সেই সকল আতা পুৰুষৰ সান্নিধ্য পৰশ লাভ কৰা যেন সদা অনুভৱ হয়।এই গৰাকী বৰেণ্য সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তদেৱে শংকৰজ্যোতি, ভকতশিৰোমণি,সত্ৰৰত্ন,সত্ৰভূষণ,আতাপুৰুষ,ওদালগুৰি ৰত্ন আদিৰ দৰে অনেক বিভুষনেৰে জীৱন্ততে বিভূষিত হল।অনেক সন্মান আৰু সম্বৰ্দ্ধনাৰে সন্মানিত হল।তেওঁৰ বিশাল জীৱনৰ কৰ্মৰাজী সম্পৰ্কে চমুকৈ কৈ শেষ কৰিব নোৱাৰি।শেষত কওঁ যে –মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰীমন্ত মাধৱদেৱ মহাপুৰুষৰ জীৱনৰ প্ৰতিফলন হৰেকৃষ্ণ মহন্ত আতাৰ কৰ্ম আৰু গুণৰাজিত বিদ্যমান।গুৰুসেৱাৰ মাধ্যমেৰে তেওঁ দেখুৱাই গ’ল যে স্থিতপ্ৰজ্ঞ হ’ব পাৰিলে জীৱনত পৰাজয়ো এদিন পৰাজয় বৰণ কৰে।জীৱনক অফুৰন্ত মাঙ্গল্য পৰাদান কৰি অমৃতময় কৰি তোলে।সত্যৰে অসত্যৰ প্ৰতিকাৰ কৰি চিৰ সুন্দৰতাৰ পৰিচয় দাঙি ধৰিলে এইগৰাকী কেৱলীয়া সত্ৰাধিকাৰ গৰাকীয়ে।ৰজাৰ কৰ্ম নকৰিও জীৱনৰ অন্তিম যাত্ৰাত লাভ কৰিলে ৰাজকীয় সন্মান।সম্ভৱনাৰ প্ৰতিটো সুযোগক সদ্ব্যৱহাৰ কৰি আশীৰ্বাদপুষ্ট কৰিলে জীৱনৰ প্ৰতিটো মুহুৰ্তক।সমাজত উচ্চ-নীচ-ভেদভাৱ- অস্পৃশ্যতা আদি মানৱীয় প্ৰমূল্যবোধ আচৰণৰ বিপৰীতে তেওঁ ওৰেটো জীৱনৰ কৰ্ম-আৰ্হিৰে সমাজত পুনৰ প্ৰতিষ্ঠা কৰি গ’ল সাম্যবাদ, সমানুভূতি সম্পন্ন সমাজ গঢ়াৰ আৰ্হি আদৰ্শ।সকলো জীৱনৰে সমান মূল্য আছে সেয়েহে সমস্ত জীৱনকে সমান সুবিধা প্ৰদান কৰা জন সৱাতোকৈ সুন্দৰ।ৰজা প্ৰজাৰ ভেদ,শাসক-শাসিতৰ ভেদ, ব্ৰাহ্মন-শূদ্ৰৰ,উচ্চ-নীচ আদিৰ ভেদাভেদ সমাপ্ত কৰিব নোঁৱাৰিলে পুৰুষোত্তোম শ্ৰী ৰামৰ দিনৰ ৰাম ৰাজ্য ,প্ৰকৃত সুখৰ,প্ৰকৃত শান্তিৰ এখন নিভাঁজ সমাজ নিৰ্মাণ কদাপিও সম্ভৱ নহয়।এই সকলোবোৰ কথা বহু শিক্ষাৰে শিক্ষিত নহৈও যেন হৰেকৃষ্ণ মহন্ত আতাই অনুভৱ কৰিছিল আৰু সেই অনুপাতে কৰ্ম কৰি গৈছিল।যিবোৰে তেওঁৰ অবৰ্তমানত সূৰ্যৰ পোহৰ দাপোণত প্ৰতিফলন হোৱাৰ দৰে মানৱীয় সমাজ দাপোণত হৰেকৃষ্ণ মহন্ত আতাৰ কৰ্ম-আৰ্হি-আদৰ্শবোৰ প্ৰতিফলিত কৰিব।ষড়ৰিপুৱে জীৱনৰ শেষাৰ্দ্ধত যেন এই গৰাকী মহানপুৰুষৰ পৰা নিজকে আঁতৰাই ৰাখি নিজকে অন্য কৰিলে।শ্ৰদ্ধেয় হেমভাই দেৱে তেখেতৰ ‘ফুৰো হুয়া আমি আনন্দিত’ গ্ৰন্থৰ ‘মাধৱ-বান্ধৱৰ সেৱক সমাজ’অধ্যায়ৰ শেষত উল্লেক কৰিছে যে — “অহংকাৰ শূণ্যতা আৰু সুদৃঢ় ভূমি প্ৰাপ্তি এই দুয়োটা ব্যৱস্থাৰ দ্বাৰাই জাতি-পাতি, বৰ্ণ-আশ্ৰম,ধৰ্ম-ব্ৰত আদি বিভাজনৰ ওপৰ উঠি কেৱল সেৱকৰ এখন সমাজ নিৰ্মাণ কৰি পৃথিৱীলৈকে বৈকুণ্ঠ নমাই অনাৰ এক ডাঙৰ সপোন মহাপুৰুষ মাধৱদেৱে দেখিছিল” এই বাক্যষাৰী পঢ়াৰ পিছত মোৰ অনুভৱ হ’ল যেন মাধৱ মহাপুৰুষৰ সেই সপোনক বাস্তৱত ৰূপদান কৰি দেখুৱালে সদা পৰহিতকাৰী। সদা নমস্য ভকত শিৰোমণি শ্ৰীহৰেকৃষ্ণ মহন্ত আতা।সেৱক ৰূপত গুৰুদুজনাৰ কৰ্-ম আৰ্হিাআদৰ্শ পথেৰে সমস্ত প্ৰাণীৰ সেৱা কৰি কৰি আজি তেওঁ নিজকেই সেৱ্য পুৰুষ ৰূপত সমস্তৰে হৃদয়ত আৰুঢ়হৈ ৰ’ল।