Breaking

মাজুলীৰ বিজ্ঞান ক্ষেত্ৰখনলৈ সুখৱৰ কঢ়িয়াই আনিলে দেৱলক্ষ্মীয়ে

0 2,164

নলবাৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ  ২৮ তম ৰাজ্যিক সমাৰোহত  চমকপ্ৰদ ভাবে উজ্বলিল মাজুলীৰ দুই ছাত্র-ছাত্ৰী। ৩৩ খন জিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত মাজুলীৰ ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দেৱলক্ষ্মী শইকীয়াই ‘ বহঁত গছৰ গাৰ পৰা সংগ্ৰহ কৰা প্ৰাকৃতিক ৰঙ আৰু ইয়াৰ সুপ্ৰয়োগ ‘ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি নিৰ্বাচিত হৈছে। শিশু বিজ্ঞানী গৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাৰ তত্ত্বাৱধানত প্ৰকল্পটো প্ৰস্তুত কৰিছিল। দেৱলক্ষ্মী উজনি মাজুলী ৰতনপুৰ গাঁও নিবাসী শিক্ষক হৰেন শইকীয়া আৰু ৰিঞ্জু শইকীয়াৰ কন্যা। আন এগৰাকী কৃতিমানৰ সাফল্যত গৌৰাম্বিত মাজুলী। তেওঁ হৈছে কঢ়ালগাঁও-বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ নৰেন্দ্ৰ শইকীয়া । নৰেন্দ্ৰ দক্ষিণপাট নাওঁশালি গাঁৱৰ বকুল শইকীয়াৰ একমাত্ৰ পুত্ৰ। নৰেন্দ্ৰই শিশু বিজ্ঞানী সকলৰ মাজত অনুষ্ঠিত হোৱা ‘শিশু মেলত’ আটাইবোৰ প্ৰশ্নৰ সুদুত্তৰ দি ‘শ্ৰেষ্ঠ মেলুৱৈ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। তাৰোপৰি কবিতা আবৃত্তিত সুন্দৰ ভাবে কবিতা আবৃত্তি কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। যাৰ বাবে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ অৰূপ কুমাৰ শৰ্মাই গলত পৰিধান কৰি থকা গামোচা নৰেন্দ্ৰক পিন্ধাই আদৰ যাচে। সামগ্ৰিক ভাৱে মাজুলীৰ দলটি নলবাৰীৰ ৰাজ্যিক সমাৰোহত সুন্দৰ ভাবে উজ্বলি উঠিল। তেওঁলোকৰ এই সাফল্যত গৌৰাম্বিত হৈছে মাজুলীবাসী | লগতে দুয়োজন কৃৰ্তীমানলৈ ছ’চিয়েল মেডিয়াযোগে অভিনন্দন জনাইছে সকলোৱে |

Leave A Reply