Breaking

বিকশিত ভাৰত বিকশিত উত্তৰ-পূবঃ উত্তৰ-পূবৰ বাবে কি কি প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

0 28

উত্তৰ-পূবৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূৰ্বাঞ্চল’ কাৰ্য্যসূচীত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৰেল, পথ, স্বাস্থ্য, গৃহ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, আইটি, শক্তি, তেল আৰু গেছৰ দৰে খণ্ডসমূহৰ সৈতে সম্পৰ্কীয় কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰা হয়৷এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন ঔদ্যোগিক উন্নয়ন আঁচনি ‘উন্নতি’ (UNNATI- Uttar Poorva Transformative Industrialization Scheme)ৰ শুভাৰম্ভ কৰে৷ এই আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বাতাবৰণক সুদৃঢ়, নতুন বিনিয়োগক প্ৰলুব্ধ, নতুন উৎপাদন আৰু সেৱা ইউনিট স্থাপনত সহায় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্ম-সংস্থাপনৰ ক্ষেত্ৰত উদ্গনি যোগাব। এই আঁচনিখনৰ মূল্য ১০,০০০ কোটি টকা। ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যকেই সামৰি এই আঁচনি ৰূপায়ণ কৰা হ’ব। আঁচনিখনে মূলধনী বিনিয়োগ, সুতৰ সাহায্য আৰু অনুমোদিত ইউনিটসমূহৰ সৈতে উৎপাদন আৰু সেৱা সংযুক্ত ইনচেনটিভৰ বাবে উদ্দীপনা যোগাব।

যোগ্য ইউনিটৰ সহজ আৰু স্বচ্ছ পঞ্জীয়নৰ বাবেও এটা পৰ্টেল আৰম্ভ কৰা হৈছে। ‘উন্নতি’য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অনুঘটক হিচাপে ক্ৰিয়া কৰিব আৰু অৰ্থনৈতিক বিকাশ তথা উন্নয়নত সহায় কৰিব।প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছেলা টানেল প্ৰকল্পটো হৈছে এক কাৰিকৰী আশ্চৰ্য্য। ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশলৈ বালিপৰা-চাৰিদুৱাৰ- টাৱাং পথৰ ছেলা পাছৰ টাৱাঙলৈকে সকলো বতৰৰে উপযোগী যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। ইয়াক নতুন অষ্ট্ৰিয়ান টানেলিং পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত উচ্চতম মানদণ্ডৰ সুৰক্ষা বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হৈছে। এই প্ৰকল্পই অঞ্চলটোত দ্ৰুত আৰু অধিক কাৰ্য্যক্ষম পৰিবহণ ব্যৱস্থা প্ৰশস্তই নহয়, বৰঞ্চ দেশৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বও আছে। ২০১৯ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়েই এই ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল।প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত ৪১ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে৷প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ৩১,৮৭৫ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বান্ধটো হ’ব দেশৰ সৰ্বোচ্চ বান্ধ৷ ইয়াৰদ্বাৰা শক্তি উৎপাদন হ’ব, বানপানীৰ নিয়ন্ত্ৰণত সহায় হ’ব আৰু অঞ্চলটোত কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি আৰু আৰ্থ-সামাজিক উন্নয়নৰ সূচনা হ’ব।

আধাৰশিলা স্থাপন কৰা আন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত ‘প্ৰাণৱন্ত গাঁও কাৰ্যসূচী’ৰ অধীনত কেইবাটাও পথ, পৰিবেশ আৰু পৰ্যটন প্ৰকল্প; ৫০খন বিদ্যালয়ক সোণালী জয়ন্তী বিদ্যালয়লৈ উন্নীত কৰা যি সমূহত অত্যাধুনিক আন্তঃগাঁথনিৰ সুবিধাৰ জৰিয়তে সামগ্ৰিক শিক্ষা প্ৰদান কৰা হ’ব; ডনি-প’ল’ বিমানবন্দৰৰপৰা নাহৰলগুন ৰে’লৱে ষ্টেচনলৈ দ্বৈত পথলৈ উন্নীতকৰণ আদি।প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ কেইবাটাও পথ প্ৰকল্পকে ধৰি ভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ জল জীৱন মিছনৰ প্ৰায় ১,১০০টা প্ৰকল্প, ইউনিভাৰ্চেল ছাৰ্ভিচ অবলিগেচন ফাণ্ড (USOF)ৰ অধীনত ১৭০টা টেলিকম টাৱাৰ যিয়ে ৩০০খনৰো অধিক গাঁওক উপকৃত কৰিব আদি। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত (নগৰীয়া আৰু গ্ৰাম্য উভয়ে) ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৩৫ হাজাৰৰো অধিক গৃহ হিতাধিকাৰীসকলক অৰ্পণ কৰে৷প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে নীলাকুঠিত ইউনিটি মল স্থাপন; মন্ত্ৰীপুখুৰীত মণিপুৰ আইটি এছইজেদৰ প্ৰচেছিং জ’নৰ আন্তঃগাঁথনিৰ উন্নয়ন; মনোৰোগৰ উন্নত চিকিৎসাৰ বাবে লম্পঝেলপাটত ৬০খন বিচনাযুক্ত ৰাজ্যিক চিকিৎসালয় নিৰ্মাণ আৰু ইম্ফল পশ্চিম জিলাৰ মণিপুৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰধানমন্ত্ৰীয়ে আন-আন প্ৰকল্পৰ লগতে মণিপুৰত ভিন্ন পথ প্ৰকল্প আৰু কেইবাখনো পানী যোগান আঁচনি উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে নাগাস্থলত ১,৭০০ কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে একাধিক পথ প্ৰকল্প; চুমৌকেডিমাত ইউনিটি মল স্থাপন আৰু ডিমাপুৰৰ নগৰজানত ১৩২ কেভি উপ-কেন্দ্ৰৰ ক্ষমতা ৰূপান্তৰৰ উন্নীতকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে চেণ্ডাং চেডেলৰপৰা নোক্লকলৈ ( প্ৰথম পৰ্য্যায়) পথ উন্নীতকৰণৰ প্ৰকল্প আৰু কহিমা-জেছামি ৰোডকে ধৰি আন কেইবাটাও পথ প্ৰকল্প উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে মেঘালয়ত ২৯০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে তুৰাত আইটি পাৰ্ক স্থাপন আৰু নিউ শ্বিলং টাউনশ্বিপত নতুন ফ’ৰলেনযুক্ত পথ নিৰ্মাণ আৰু বৰ্তমানৰ দ্বৈত পথযুক্ত পথটো ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম।

প্ৰধানমন্ত্ৰীয়ে আপাৰ শ্বিলঙত কৃষকৰ হোষ্টেল-তথা-প্ৰশিক্ষণ কেন্দ্ৰও উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে ছিকিমত ৪৫০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে ৰংপো ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়ন আৰু কেইবাটাও পথ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ থাৰ্পু আৰু দৰমদিন সংযোগী নতুন পথটোও উদ্বোধন কৰে৷প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে আগৰতলা পশ্চিম বাইপাছৰ নিৰ্মাণ আৰু ৰাজ্যজুৰি একাধিক পথ প্ৰকল্প নিৰ্মাণ; ভাৰতীয় তেল নিগমৰ চেকেৰকোটত নিৰ্মাণ হ’বলগীয়া নতুন ডিপো আৰু ড্ৰাগছ আসক্ত ব্যক্তিৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ভিন্ন পথ প্ৰকল্পও উদ্বোধন কৰে৷ ১.৪৬ লাখ গ্ৰামীণ কাৰ্য্যক্ষম ঘৰুৱা টেপ সংযোগৰ বাবে প্ৰকল্প আৰু প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত দক্ষিণ ত্ৰিপুৰা জিলাৰ চাব্ৰুমত স্থল বন্দৰ উদ্বোধন কৰে৷ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাব্ৰুম স্থল বন্দৰ স্থাপন কৰা হৈছে। স্থল বন্দৰটো যাত্ৰী টাৰ্মিনেল ভৱন, কাৰ্গো প্ৰশাসনিক ভৱন, গুদাম, অগ্নিনিৰ্বাপক বাহিনীৰ ভৱন, বিদ্যুৎ উপ-কেন্দ্ৰ, পাম্প হাউচ আদিৰ দৰে সুবিধাৰে সমৃদ্ধ। ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ যাতায়াত আৰু পৰিবহণত সুবিধা হ’ব। ২০২১ৰ মাৰ্চত প্ৰধানমন্ত্ৰীয়েই এই বন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল।

Leave A Reply