Breaking

কংগ্ৰেছৰ শাসনকালত উন্নয়ন আধাৰশিলাতে আৱদ্ধ আছিল : ৰূপক শৰ্মা

0 2,081

নগাঁৱত পুণৰ পাঁচ শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদাননগাঁৱত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ

বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত যোগদান পৰ্ব অব্যাহত আছে। বিশেষকৈ বিগত সময়চোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ সৰ্বস্তৰৰ লোকৰ সামগ্ৰিক উন্নয়নত আকৃষ্ট হৈ এইদৰে প্ৰতিদিন বিজেপিত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কালিও সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত হেৰাপট্টি অঞ্চলত সহস্ৰাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰাৰ পিছত আজিও নগাঁও চহৰৰৰ বৰবজাৰ নিম্ন বুনিয়াদী স্কুল প্ৰাংগণত অনুষ্ঠিত এক ৰাজহুৱা সভাত বিধায়ক শৰ্মাৰ উপস্থিতিত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে। এই উপলক্ষে বিজেপি নেতা অনুপম বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক শৰ্মাই কয়, “নগাঁও সদৰ সমষ্টিত বিগত চাৰিটা বছৰে যিমান উন্নয়ন হৈছে, ভাৰত স্বাধীনৰ ৭৫ বছৰ পিছতো এনেধৰণৰ উন্নয়ন হোৱা নাই।” সমষ্টি উন্নয়নৰ এক দীঘলীয়া ক্ষতিয়ান দাঙি ধৰি শৰ্মাই আৰু কয়, নগাঁও সদৰ সমষ্টিৰ বিভিন্ন স্থানত সাতশৰো অধিক ৰাস্তা নিৰ্মাণ হৈছে। সবকা সাত সবকা বিকাশ আৰু বিশ্বাস নীতিৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰিছে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ কথা চিন্তা কৰা নাই। সম উন্নয়নতহে গুৰুত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সদৰ সমষ্টিৰ উন্নয়ন কেৱল আধাৰশিলাতহে সীমাবদ্ধ আছিল। কিন্তু এতিয়া আধাৰশিলা নহয়, কামৰ শুভ উদ্ধোধনহে হৈ আছে।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে এখন সপোনৰ নগাঁও গঢ়াৰ কথা উল্লেখ কৰি কয়, “মৰিকলংখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়া, কলং নৈ পুণৰ বোৱাই নিয়া, পানীগাঁও অঞ্চলত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে।” উক্ত সভাত বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা, ধিঙৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, জিলা সংখ্যালঘু মৰ্চাৰ সম্পাদক আনোৱাৰ পাৰভেজ, সদৰ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী দিপাংক শৰ্মা বৰুৱাকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে। ইয়াৰ পুৰ্বে বিধায়ক ৰূপক শৰ্মাই আজি পুৱাৰ ভাগত নগাঁও পৌৰ সভাৰ অন্তৰ্গত চাৰিটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে। পৌৰসভাৰ অধীনত নগাঁও চহৰৰ পাইকাৰী শাক-পাচলি বজাৰখনিৰ আজি আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়। ইয়াৰোপৰি চহৰখনৰ মাৰাৰ পাৰ্কৰ সমীপত নিৰ্মিত পৌৰসভাৰ সামূহিক ভৱনটিৰো আন্তঃগাঠনি উন্নয়ন কামৰ শুভাৰম্ভ কৰা হয়।লগতে ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি(SOPD)ৰ অধীনত নগাঁও চহৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰো শুভ উদ্ধোধন কৰা হয়। আজি শুভাৰম্ভ কৰা পথ দুটি ক্ৰমে চাৰ্চ পথৰ পৰা কে কে দাস পথ আৰু তেলিয়াপট্টি অঞ্চলৰ এটি উপপথ।

Leave A Reply