Breaking

ডিজি ইণ্ডিয়া এনজিঅৰ শিমূলটাপু পশুধন কেন্দ্ৰ স্থাপনৰ উদ্বোধনী অনুষ্ঠান বাতিল: সংবাদ মেল যোগে ঘোষণা

0 119

বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰৱেশ কৰা গৰু, মহৰ সুৰক্ষা বাবে কোকৰাঝাৰ জিলাৰ শিমূলটাপুত স্থাপন কৰিবলগীয়া পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰৰ আজি তিনি বজাত অনুষ্ঠিতব্য উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে বুলি দুপৰীয়া এক বজাত ডিজি ইণ্ডিয়া নামৰ এনজিঅৰ অধ্যক্ষ গৰাকীয়ে এক সংবাদমেল যোগে অৱগত কৰে।

উক্ত সংবাদমেলত ডিজি ইণ্ডিয়া নামৰ এনজিঅখনৰ অধ্যক্ষ এম এম হানিফ লস্কৰে কয় যে কোকৰাঝাৰ জিলাৰ সাময়িক পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা থকা সময়তে যোৱা কালি জিলা প্ৰশাসনে ৰাজহুৱা সভা সমিতিৰ নিষেধাজ্ঞা জাৰি কৰাত ডিজি ইণ্ডিয়া এনজিঅৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শিমূলটাপুত স্থাপন কৰিবলগীয়া পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে। জিলাখনৰ পৰিস্থিতি ভাল হোৱাৰ পিছত পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰখন উদ্বোধন কৰা হ’ব বুলি অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে।

Leave A Reply