Breaking

ধনশ্ৰী নৈৰ কালৰূপে‌ শংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ….

0 56

দৰং : ধনশ্ৰী নৈৰ কালৰূপে‌ শংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ।গঢ়া খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে । ৪নং শিয়ালমাৰী আৰু কাছোমাৰী নেপালী গাৱলৈ ।

কালৰূপী বানে বিস্তৰ ক্ষতি সাধন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ দলগাওঁ সমষ্টিৰ বহু অঞ্চলত। সমষ্টিটোৰ‌ মাজেদি যোৱা ধনশ্ৰী নৈখনৰ প্ৰৱল সোতে ভৱপুৰ পথাৰৰ ৰাস্তা চিঙি নিয়াত সংকিত‌ হৈ পৰিছে‌ নৈপৰীয়া ৰাইজ ।নতুনকৈ সৃষ্টি হোৱা নদীৰ তীব্ৰ সোতে নিদ্ৰা হৰিছে ৪ নং শিয়ালমাৰী আৰু কাছোমাৰী নেপালী গাঁৱৰ ৰাইজক । গাওঁ দুখনৰ মাজেদি যোৱা সোঁতক ভেটা দি ধ্বংসলীলা ৰোধ কৰাৰ‌ বাবে কোনো জনপ্ৰতিনিধিৰ আশাত নাথাকি ৪নং শিয়ালমাৰী আৰু কাছোমাৰী নেপালী গাঁৱৰ যুৱকসকল আৰু ৰাইজ একত্ৰিত হৈ ওলায় আহে ‌protection বান্ধ দিয়াৰ‌ বাবে ।

জনপ্ৰতিনিধি সকল আহে চেল্ফি মাৰিবলৈ ৰাইজ সমস্যা‌ নুবুজে। দুয়োখন গাঁৱৰ ৰাইজে ঘৰে ঘৰে বাহ‌ আদি সংগ্ৰহ ‌কৰি উক্ত সুতটোক ভেটা দিয়াৰ বাবে নিজাববীয়াকৈ protection বান্ধ দিয়াৰ বাবে হাতে কামে ব্যস্ত হৈ পৰে। নৈখনে সৃষ্টি কৰা প্ৰৱল খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক অতি সোনকালে বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবি জনায় ।
প্ৰেৰক দলগাওঁ ৰ পৰা সঞ্জয় লাহা

Leave A Reply