Breaking

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু “ধন্য তোহো শ্ৰীমন্ত শংকৰ” শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান

0 475

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি “ৰস কীৰ্তি ২০২২” কাৰ্যসূচীৰ অংশ হিচাপে গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ আধাৰত ১৪ অক্টোবৰ তাৰিখে “ধন্য তোহো শ্ৰীমন্ত শংকৰ” শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান আয়োজিত হৈছিল। দেশ-বিদেশৰ ছাত্র-ছাত্ৰী আৰু বহু গণ্য-মান্য লোকৰ উপস্থিতিত গুৰুজনাৰ অতুলনীয় জীৱনজ্যোতিৰে প্ৰাণৱন্ত হৈ উঠা এই সুন্দৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেখেতে উদ্যোক্তাসকলৰ এই উত্তম প্ৰচেষ্টাৰ আন্তৰিকতাৰ শলাগ লয়।

দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি গুৰুজনাৰ মহান আদৰ্শ, অমিয়া ভক্তিচেতনা আৰু অমূল্য কৰ্মৰাজিৰ চৰ্চা তথা প্ৰসাৰৰ উদ্দেশ্যে ২১ দিনীয়া নৃত্য-নাট কৰ্মশালাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

Leave A Reply