Breaking

সৰভোগৰ শংকৰদেৱ নামঘৰ প্ৰাংগণত জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনা সভা

0 558

সৰভোগৰ ঐতিহ্যমণ্ডিত শংকৰদেৱ নামঘৰ প্ৰাংগণত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ ধৰ্মালোচনা সভা অনুষ্ঠিত হয়।ধৰ্মালোচনা সভাত সভাপতি কৰে ভবানন্দ পাঠক আৰু তেওঁৰ লগত সংগ দিয়ে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী ধৰ্মালোচনাৰ ব্যক্তিৰ লগতে অগণন ভক্তপ্ৰাণ উপস্থিত থাকে।শংকৰদেৱ নামঘৰৰ চৌদিশে আকাশৰ তৰাৰ দৰে সজাই পৰাই তুলিছে বৈদ্যুতিক লাইটেৰে । বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে।জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে গাৱে ভুৱে নামঘৰ প্ৰতিষ্ঠা কৰিছে। যাতে ভক্তসকলে নামঘৰত নামকীৰ্তন কৰিব পাৰে।

চৌসষ্টিবিধ কলাৰ ভিতৰত অংকীয়া নাট হৈছে অন্যতম।ইপিনে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ধৰ্মালোচনা সভাত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ভক্তসকলৰ আগত ধৰ্ম প্ৰচাৰৰ বিষয়ে আলোচনা কৰে । মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আলোচনা কৰাৰ লগতে ভক্তসকলক ধৰ্মৰ নিয়মাবলী মানি চলিবলৈ আহ্বান জনায়।সৰভোগৰ শংকৰদেৱ নামঘৰত বিধায়ক মনোৰঞ্জন তালুকদাৰে পাচ লাখ টকাৰ কাম সম্পন্ন কৰি আৰু মোটা ধনৰ দুটা ফান্ড ইতিমধ্যে ধৰিছে বুলি উল্লেখ কৰে।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

Leave A Reply