Breaking

হেমা মালিনীৰ প্ৰথম গৰ্ভধাৰণক গোপন ৰাখিব বিচাৰিছিল ধৰ্মেন্দ্ৰই। ঈছা দেউলৰ জন্মৰ সময়ত সমগ্ৰ চিকিৎসালয় খনকে বুকিং কৰিছিল…

0 156

হেমা মালিনীৰ প্ৰথম গৰ্ভধাৰণক গোপন ৰাখিব বিচাৰিছিল ধৰ্মেন্দ্ৰই। ঈছা দেউলৰ জন্মৰ সময়ত সমগ্ৰ চিকিৎসালয় খনকে বুকিং কৰিছিল ধৰ্মেন্দ্ৰই। ১৯৮০ চনত ধৰ্মেন্দ্ৰ-হেমা মালিনীৰ বিবাহ হৈছিল। ১৯৮১ চনত হেমা মালিনীয়ে প্ৰথম কন্যা ঈছা দেউলক জন্ম দিছিল। ধৰ্মেন্দ্ৰই হেমাৰ প্ৰথম গৰ্ভধাৰণক গোপন কৰি ৰাখিব বিচাৰিছিল। ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে প্ৰায় ৪০ বছৰ ধৰি সুখৰ বৈবাহিক জীৱন কটাইছে। তেওঁৰ দুগৰাকী কন্যা ঈছা দেওল আৰু আহনা দেউল। চিনেমাত কাম কৰি থাকোঁতে ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে ইজনে সিজনৰ প্ৰেমত পৰিছিল। সেই সময়ত ধৰ্মেন্দ্ৰ বিবাহিত আছিল আৰু চাৰিটা সন্তান পিতৃৰ আছিল যদিও তেওঁ হেমা মালিনীৰ প্ৰেমত পৰিছিল।

হেমা মালিনীৰ বন্ধু নীতু কোহলীয়ে এবাৰ কৈছিল যে ঈশাৰ জন্মৰ সময়ত ধৰ্মেন্দ্ৰই সমগ্ৰ চিকিৎসালয়খন বুকিং কৰি থৈছিল। ১৯৮১ চনৰ নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰিছিল ঈছাই। ১৯৮০ চনত ধৰ্মেন্দ্ৰ আৰু হেমাৰ গোপনে বিবাহপাশত আবদ্ধ হয়। হেমা মালিনীয়ে যেতিয়া গৰ্ভৱতী হৈছিল তেতিয়া এই কথা তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ বাহিৰে আন কোনোৱেই নাজানিছিল। সেইবাবেই ধৰ্মেন্দ্ৰই ঈশাৰ জন্মৰ সময়ত গোটেই চিকিৎসালয়খনকে বুকিং কৰি থৈছিল, যাতে হেমা মালিনীয়ে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু শান্তিৰে সন্তানটো জন্ম দিব পাৰে।

হেমাৰ বান্ধৱী নীতু কোহলীয়ে কৈছিল- “ঈশা জন্মৰ সময়ত কোনেও গম পোৱা নাছিল যে হেমা মালিনী গৰ্ভৱতী।” তেতিয়া ধৰ্মেন্দ্ৰই হস্পিতালখনে বুকিং কৰি থৈছিল। ১০০ কোঠাৰ নাৰ্চিং হোম আছিল। ঈশাৰ জন্মৰ বাবে তেওঁ ১০০টা কোঠা বুকিং কৰিছিল।”

Leave A Reply