বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰ অতি সোনকালে ঘূৰি আহিব ছবি জগতলৈ। ৮৭ বছৰ বয়সত পিতৃ ধৰ্মেন্দ্ৰৰ অনস্ক্ৰীণ ৰিটাৰ্ণত ববি দেউলৰ প্ৰতিক্ৰিয়া চৰ্চালৈ আহিছে। শীঘ্ৰে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ৰ জৰিয়তে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে ধৰ্মেন্দ্ৰ। পিতৃ ধৰ্মেন্দ্ৰ উভতি অহাৰ বাবে অপেক্ষা কৰি থকা অভিনেতা ববি দেউলে কয় যে আজিও ছবি এখনৰ চেটলৈ যাওতে পিতৃ ধৰ্মেন্দ্ৰৰ মুখখন পোহৰ হৈ উঠে। ২০১৮ চনৰ কমেডী ছবি ‘যমলা পাগলা দীৱানা – ফিৰ ছে’ত পুত্ৰ ছানী আৰু ববি দেওলৰ সৈতে শেষবাৰৰ বাবে দেখা পোৱা গৈছিল ধৰ্মেন্দ্ৰ। এই বয়সত ছবি জগতলৈ ঘূৰি অহাটো সহজ নহয়। এতিয়া তেওঁক কৰণ জোহৰৰ আগন্তুক ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।
ইয়াৰ পূৰ্বে শেহতীয়াকৈ ZEE5 ধাৰাবাহিক ‘তাজ: ডিভাইডড বাই ব্লাড’ত ধৰ্মেন্দ্ৰক চুফী সন্ত চেলিম চিষ্টিৰ চৰিত্ৰত দেখা গৈছিল। প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত ববি দেউলে কয়, “মই অতিশয় উৎসাহিত। তেওঁৰ বয়স ৮৭ বছৰ, কিন্তু যেতিয়াই তেওঁ কামলৈ যায় তেতিয়াই তেওঁৰ মুখত সুখ দেখিবলৈ পাওঁ… তাৰ পিছত হঠাতে কোনোবাই তেওঁক লগ কৰিবলৈ আহে আৰু মই সেই কথা জানিবলৈ পাওঁ।” তেখেতৰ বয়সত কাম পোৱাটো সহজ নহয়, কিন্তু তেওঁ এতিয়াও কিছুমান ভাল ছবি নিৰ্মাতাৰ সৈতে কাম কৰি আছে, গতিকে মই সুখী আন এটা স্তৰত।”
ববি দেউলৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে এমএক্স প্লেয়াৰ শ্ব’ত ‘আশ্ৰম’ত বাবা নিৰালাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। তেওঁৰ ধাৰাবাহিকখনৰ সন্দৰ্ভত তেওঁ কয়, ‘আশ্ৰম আছিল এক টাৰ্নিং পইণ্ট আৰু মানুহে দেখিছিল যে মই বিভিন্ন ধৰণৰ ভূমিকা কৰিবলৈ সক্ষম। ববি দেউলৰ পুত্ৰইও ছবিত প্ৰৱেশ কৰিব ববি দেউলে পুত্ৰ আৰ্যমনৰ ছবিত যোগদান কৰাৰ পৰিকল্পনাৰ বিষয়েও ক’লে।