Breaking

ধুবুৰীৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰ’ল,ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা।

0 1,533

ধুবুৰীৰ  ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ধুবুৰীৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পেট্ৰল-ডিজেল-ৰন্ধন গেছ তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণ ৰাইজক৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য অভাৱনীয় ভাৱে বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ ভিন্ন স্থানত অব্যাহত আছে মূল্যবৃদ্ধিৰ প্ৰতিবাদ। এই ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’বেক, পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায়, পেট্ৰল, ডিজেল, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লো-গানেৰে প্রতিবাদকাৰী সকলে হাতে হাতে প্লেকার্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। 

Leave A Reply