Breaking

ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক ধেমাজি অধিৱেশনৰ সফল সামৰণি…

0 81

অসমৰ বিদ্যালয় সমূহত জনগোষ্ঠীয় ভাষাত শিক্ষা দিয়াত কোনো আক্ষেপ নাই কিন্তু মাধ্যমত চৰকাৰক হস্তেক্ষপ কৰাটো নিবিচাৰোঁঁ ——– ড° সমুজ্জ্বল ভট্টাচাৰ্য

সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা সদায় এক শক্তিশালী জিলা ছাত্ৰ সন্থা হিচাবে পৰিগণিত হৈ আহিছে। সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ,ধেমাজি মহকুমা ছাত্ৰ সন্থা আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা দশড° বাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি হয় ৷ দুদিনীয়া বৰ্নাঢ্য কাৰ্য্যসূচীয়ে অনুষ্ঠিত হোৱা এই ধেমাজি অধিৱেশনতে ধেমাজি জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি সংস্কৃতি প্রতিফলিত হোৱাৰ পৰিলক্ষিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ উদ্যোক্তা সকলে গ্ৰহণ কৰে ৷

এই অধিবেশনখনে জিলাখনৰ প্ৰধান সমস্যাসমূহৰ সমাধান আৰু সম্ভাৱনা ক্ষেত্র সমূহক আগবঢ়াই নিবলৈও জিলা ছাত্ৰ সন্থাৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ উপৰিও সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ গতিশীলতাক অধিক ত্বৰান্বিত কৰিব বুলি ধেমাজি বাসী ৰাইজে আশা প্ৰকাশ কৰিছে ৷ আজি দ্বিতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্য্যসূচীৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ধেমাজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° বনজিত ভট্টই ৷ লগতে অংশগ্ৰহণ কৰে মোহময়ী অভিনেত্ৰী ৰিচা ছেত্ৰী ৷সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশনত আজি অন্তিমদিনা মুকলি সভাত সভাপতিত্ব কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই ৷ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টাৰ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অনুষ্ঠানত উপস্থিত থাকি অসমীয়া মাধ্যমৰ শিক্ষা ওপৰত কেইবাটাও গুৰুত্ব পূৰ্নৰ মন্তব্য আগৱঢ়াই।। সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত কৈযে – আমি চৰকাৰক ক’ব খুজিছোঁ মাধ্যমত হাত নিদিব ,কাৰণ অসমত ভাষাৰ মাতৃভাষা ,বড়ো ভাষাৰ লগতে আন আন জাতি- জনগোষ্ঠীৰ ভাষা বিকাষৰ ঐতিহাসিক পটভূমি আছে ৷ চৰকাৰে ভাষাৰ মাধ্যমত হাত

নিদিব , ইংৰাজী ভাষাটো বিদ্যালয়ত ভালকৈ শিকাওক ৷ অসমত অসমীয়া মাধ্যম , বড়ো মাধ্যমকে ধৰি সকলো জনগোষ্ঠীৰ ভাষাৰ বিকাশ হ’ব লাগিব ৷সেই লক্ষ্যটো লৈ চৰকাৰে আগবাঢ়িব লাগে ৷অন্যহাতেদি অসমচাৰে মাধ্যমৰ ওপৰত কৰা চাৰিটা আক্ৰমণ বন্ধ কৰিব লাগে ৷ আকোৰগোঁজ স্থিতি লব নালাগে বুলি মন্তব্য কৰাৰ লগতে কেইবাটাও অতি গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়াই ৷ উল্লেখ কৰিব পাৰি যে -সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশনতেে এখন অতি শক্তিশালী সমিতিৰগঠন কৰা হয় ৷ সঞ্জীৱ দাসক সভাপতি
জয়ন্ত বৰগোহাঁইক সাধাৰণ সম্পাদক , ঋতুপৰ্ণ কোঁছ, ৰবি কছাৰী, হিৰেণ শৰণীয়া, মনোৰঞ্জন চেতিয়া, দেৱ কলিতাক উপ-সভাপতি , দেৱেন ডেকা, ৰঞ্জীত বসুমতাৰী, উজ্জ্বল শইকীয়া, আলোকজ্যোতি দত্ত, বিৰাজ কোঁৱৰক সহকাৰী সাধাৰণ সম্পাদক , কমল ৰাভা ক শিক্ষাৰ বিভাগৰ সম্পাদক আৰু
দীপক গোহাঁইক বিত্তীয় সম্পাদক হিচাপে লৈএখন অতি শক্তিশালী কমিটিৰ গঠন কৰা হয় ৷

Leave A Reply