Breaking

ধেমাজি বালিকা মহাবিদ্যালয়ৰ আছুৰ সৰ্মথিত প্ৰাথীৰ বৃহৎ জয়লাভ

0 111

ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ৰ ২০২২-২০২৩ শিক্ষাবৰ্ষৰ ছাত্ৰী একতা সভা নিৰ্বাচনত সভানেত্ৰী , সাধাৰণ সম্পাদিকাকে ধৰি প্ৰতিটো পদতে আছু সৰ্মথিত প্ৰাথীয়ে জয়লাভ কৰে । সাধাৰণ সম্পাদিকা পদত লাকী দত্ত আৰু সাংস্কৃতিক সম্পাদিকা পদত হৰ্ষৰানী লাহনে প্ৰতিদ্বন্দিতা কৰি বৃহৎ ভোটত জয়লাভ কৰে ।

সভানেত্ৰী পদত ৰিছমিনা সন্দিকৈ , সহকাৰী সাধাৰণ সম্পাদিকা পায়েল দিহিঙীয়া , আলোচনী সম্পাদিকা বৃষ্টিশিখা গগৈ , ক্ৰিয়া সম্পাদিকা লিজাশ্ৰী কোঁৱৰ , ছাত্ৰী জিৰণি কোঠা সম্পাদিকা অন্তৰীকা বৰগোঁহাই , সমাজ সেৱা সম্পাদিকা মেইনী বৰগোঁহাই য়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । তেওঁলোকে জয়লাভ কৰা পাছতে আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য‍্যালয় শ্বহীদ উদ্যানত এখনি শুভেচ্ছামূলক সভা আয়োজন কৰা হয় ।

শুভেচ্ছামূলক সভাত উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা , জিলা ছাত্র সন্থাৰ বিত্ত সম্পাদক জয়ন্ত বৰগোঁহাই , ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কৰুণ জ্যোতি চেতিয়া , সাধাৰণ সম্পাদক ৰন্টু গগৈয়ে ছাত্ৰী সকলক মহাবিদ্যালয় ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ হকে নিষ্ঠা সততাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Leave A Reply