Breaking

ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ উজলিল ধেমাজি

0 2,033

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাৰ তিনি কন্যা ক্ৰমে লক্ষীমাই গগৈ, পূজা কুমাৰী গগৈ আৰু সবিতা চেতিয়াই স্ব-প্ৰতিভাৰ উন্মেষ ঘটাই ২৬-২৯ আগষ্টত গোৱাত অনুষ্ঠিত হোৱা “ৰাষ্ট্ৰীয় ৱাকো ইণ্ডিয়া কিক্ বক্সিং প্ৰতিযোগিতা”ত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক লাভ কৰি দেশৰ কিক্ বক্সিঙৰ মানচিত্ৰত গৌৰৱোজ্জ্বল স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা নিশাৰ ভাগত অনুষ্ঠিত কিক্ বক্সিঙৰ ‘৫৫ কিঃগ্ৰাঃ শাখা’ৰ প্ৰতিযোগিতাত মৰিধলৰ পশ্চিম সুবাহী গাঁৱৰ অজিত গগৈ আৰু গোলাপী গগৈৰ কন্যা ‘লক্ষীমাই গগৈয়ে সোণৰ পদক’, মৰিধলৰ বৰফুকন গাঁৱৰ ৰমেশ গগৈ আৰু লাৱণ্য গগৈৰ কন্যা ‘পূজা কুমাৰী গগৈয়ে ৫১ কিঃগ্ৰাঃ শাখাৰ প্ৰতিযোগিতাত সোণৰ পদক’ আৰু গোগামুখ লঠিয়া গাঁৱৰ ভদ্ৰেশ্বৰ চেতিয়া আৰু নিৰু চেতিয়াৰ কন্যা ‘সবিতা চেতিয়াই ৫৮ কিঃগ্ৰাঃ শাখাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক’ অৰ্জন কৰি জিলা কিম্বা ৰাজ্যলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Leave A Reply