Breaking

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন।

0 1,114

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ’লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল সম্বোধন কৰে। এই ক্ৰীড়া মহোৎসৱত সীমান্ত অঞ্চলৰ ৯খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলা অৰ্থাৎ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, চিৰাং, ওদালগুৰি, তামুলপুৰ, বাকসা, কোকৰাঝাৰ, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা সৰ্বমুঠ ৩৫০গৰাকী খেলুৱেৈয়ে অংশগ্ৰহণ কৰিব।

ইতিমধ্যে এই ৯খন জিলাতে ৪মাৰ্চৰ পৰা ১১মাৰ্চলৈ কোৱালিফায়িং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল। ৪এপ্ৰিলৰ পৰা ৬এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাখন ৪এপ্ৰিল তাৰিখে বিয়লি ৪.৩০বজাত উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱত ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ, ৪×১০০মিটাৰ ৰিলে দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, দিচকাচ থ্ৰ’, ভলীবল আৰু কাবাডী খেল অনুষ্ঠিত কৰা হ’ব। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই খেল মহোৎসৱৰ খেল সমূহ ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈকে চলিব। অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অহা-যোৱা, থকা-খোৱাৰ লগতে খেলত ব্যৱহৃত হোৱা জাৰ্চীকে ধৰি সকলোবোৰ সা-সামগ্ৰী সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ তৰফৰ পৰা যোগান ধৰা হ’ব। সমান্তৰালভাৱে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ৰ সুচল ৰূপায়ণৰ বাবে তেওঁলোকৰ তৰফৰ পৰা ৰেফাৰী আৰু কাৰিকৰী দলৰ সহযোগিতা প্ৰদান কৰিব। খেল অনুসৰি থকা পুৰস্কাৰ সমূহৰ উপৰিও ক্ৰীড়া মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাখনক নগদ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। এই ক্ৰীড়া অনুষ্ঠানটো নতুন দিল্লীৰ হন্স ফাউণ্ডেশ্যন আৰু অইল ইণ্ডিয়াৰ সহ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত/শূন্য ৰেখাৰ ১৫কিলোমিটাৰৰ ভিতৰৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা এইটো হৈছে প্ৰথম ক্ৰীড়া প্ৰতিযোগিতা। এই ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক শ্ৰী প্ৰদীপন উপদেষ্টা আৰু ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰা সভাপতি হিচাপে আছে। এই খেৱ সমাৰোহ ৬এপ্ৰিল তাৰিখে বিয়লি ৫বজাত সামৰণি পৰিব। সামৰণি অনুষ্ঠানত উপস্থিত থাকিব সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ আৰু ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব।

Leave A Reply