Breaking

ঢকুৱাখনা সমষ্টিত দুই কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিত দুৰ্নীতি-লুণ্ঠনৰ অভিযোগ

0 2,025

“আগন্তক ২০২১ চনৰ বিধান সভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ অৱস্থাত এতিয়া ঢকুৱাখনা সমষ্টিত অতি ক্ষীপ্ৰ  গতিত চলিছে বিভিন্ন উন্নয়ন মুলক আঁচনিৰ কাম-কাজ‌।আৰু ইয়াৰ সমান্তৰালভাৱে এতিয়া ঢকুৱাখনাত বিভিন্ন উন্নয়মুলক আঁচনিৰ কাম-কাজ অলপ কৰাৰ পিছতেই আবন্টিত পূঁজিৰ সিংহভাগ বিধায়কৰ ঘনিষ্ঠ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰুভেণ্ডৰৰ জড়িয়তে সৰকাই  নিৰ্বাচনী পূঁজি সংগ্ৰহত গুৰুত্ব দিছে একাংশ শাসকীয় দলৰ নেতা-পালিনেতাই।”-এই অভিযোগ কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ।দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত আয়োজিত এক সংবাদমেলযোগে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি-ধৰ্মকান্ত গগৈয়ে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাৰ ঘিলামৰা উন্নয়ন খণ্ডত শেহতীয়াকৈ দুখন কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আঁচনিত সংঘটিত হোৱা বৃহৎ দুৰ্নীতি আৰু লুণ্ঠনৰ তথ্য সদৰী কৰে সংবাদ মাধ্যমৰ আগত।সংবাদ মেলত সংগঠনটোৱে সদৰী কৰা অনুসৰি-“ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ সোনাৰি চাপৰি গাঁও পঞ্চয়তৰ অন্তৰ্গত ৰাওনা বাৰীৰ পৰা বৰবাৰীলৈ চাৰিকড়িয়া নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ নামত তিনি (৩)কোটি টকা অৱন্তন হৈছিল। কিন্তু বৰ্তমান ১০ শতাংশতকৈও বেছি কাম সম্পূৰ্ন নহওঁতেই মন্ত্ৰীৰ ঘনিষ্ঠ ৰূপে বিবেচিত দুই ভেণ্ডৰ বিবেকানন্দ দলে আৰু দয়ানন্দ পেগুৰ নামত এক কোটি (১), নব্বৈ লাখ(৯০), একৈশ হাজাৰ(২১) চাৰিশ (৪০০) টকা ইতিমধ্যে মুকলাই দিলে ঘিলামৰাৰ খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাই। উল্লেখনীয় কথাটো হল যে ৰাজ্যৰ অন্যান্য ঠাইৰ পঞ্চায়ত বোৰত আৰু উন্নয়ন খণ্ড সমূহত ঠিকাদাৰ,ভেণ্ডৰক কৰা কামৰ পৰিমাণ অনুসৰি কেৱল ৫% বা ১০% আবন্টিত পুঁজিছে মোকলাই দিছে।সেই সময়ত বিভাগীয় মন্ত্ৰী সমষ্টিত একে দিনাই উল্লেখিত দুই ভেণ্ডৰ ঠিকাদাৰৰ একাউণ্টত-৬৯ লাখ ,৪৪ হাজাৰ টকা সুমিয়াই দিছে খণ্ড উন্নয়ন বিষয়াই। অন্যহাতে যিটো আঁচনিৰ কাম ৩ কোটি টকাৰে কৰিবলৈ দিছিল তাত ২০ লাখ টকাৰো কাম হোৱা নাই ।ইফালে অতি নিম্নমানৰ হৈছে কাম।জি’অ বেগ সমূহ বহোওৱাৰ এবছৰ নহওঁতেই ফাটি -চিটি এৰি গৈছে বিভিন্ন ঠাইত।” তদুপৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে একেটা উন্নয়ন খণ্ডৰে বৰদৈবাম গাঁও পঞ্চায়ততো চুতীয়াকাৰী পকী দলঙৰ পৰা চকলাগুৰি ঘটলৈকে লখিমপুৰ জিলা পৰিষদৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ নামত আবন্টিত হোৱা ২(দুই )কোটি টকীয়া আঁচনি খনতো দুৰ্নীতি আৰু লুণ্ঠন চলাৰ কথা সদৰী কৰে।এই আঁচনিখনৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবেই নিৰ্মাণৰ এবছৰ নহওঁতেই বৰষুণৰ পানীয়ে খহাই লৈ গ’ল বহু অংশ।ইফালে কামৰ গতিও হ’ল জোৰা-টাপলি মৰা।কিছুমান বাঁহৰ গোঁজ পুতি আৰু নিম্ন মানদণ্ডৰ কিছুমান জি’অ বেগ স্থাপন কৰিয়েই মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰে ইতিমধ্যে প্ৰায় ১(এক) কোটি টকা মুকলাই নিলে।এইটো কামতো ১০ লাখ টকাতকৈও বেছি কাম সম্পূণ হোৱা নাই।”সেইয়ে এই সাংবাদমেলৰ জৰিয়তে লখিমপুৰ জিলাৰ উপায়ুক্তক দুইখন খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণতে সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ সন্দৰ্ভত শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ চৰজমীণ তদন্ত কৰিবলৈ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আহ্বান জনাইছে।

Leave A Reply