Breaking

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মিৰেম গাঁৱত উদযাপন হীৰক জয়ন্তী বৰ্ষ

0 79

অৰুণাচল প্ৰচেশৰ পূৱ চিয়াং জিলাৰ ৰুকচিং মহকুমাৰ অন্তৰ্গত মিৰেম গাঁওখন গৰকিলে ৭৫ বছৰত। এই লৈ মিৰেম গাঁৱৰ ৰাইজে ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ।

১৯৪৭ চনৰ পৰা বসতি স্থাপন কৰা তথা প্ৰায় ৩০০ ৰো অধিক পৰিয়ালে বসবাস কৰা অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ অন্তৰ্গত মিৰেম গাঁৱখন ৭৫ বছৰ গৰকাত উৎফুলিত হৈ পৰিছে মিৰেম গাঁৱখনৰ ৰাইজে। ইফালে ৭৫ বছৰ গৰকি হীৰক জয়ন্তী বর্ষ উদযাপন কৰিবলৈ সক্ষম হোৱা গাঁও খনে গাঁৱখনৰ হীৰক জয়ন্তী বর্ষ উদযাপন উপলক্ষে যোৱা ৭৫ বছৰৰ ভিতৰত গাঁৱখনৰ পৰা বাহিৰত বিয়া হোৱা জীয়ৰী সকলৰ লগতে নিমন্ত্ৰণ জনাইছেগৈ জোঁৱাই সকলকো৷

উক্ত হীৰক জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য অথিতি হিচাপে উপস্থিত থাকে ৩৭ নং ওৱেষ্ট পাচিঘাট সমষ্টিৰ বিধায়ক তথা গাঁৱখনৰ জোঁৱাই নিনং ইৰিঙে।

ইফালে ১৯৪৭ চনতে স্থাপন কৰা মিৰেম গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰথম শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা অসমৰ প্ৰয়াত মনিমা বৰগোঁগাই আৰু অৰুণাচলত বি.এল.অ হিচাপে যোগদান কৰা তেঁওৰ স্বামী প্রয়াত চিবেন্দ্ৰনাথ বৰগোঁহাই নামৰ তিনি পুত্ৰক নিমন্ত্ৰণ কৰেগৈ উক্ত হীৰক জয়ন্তী বৰ্ষ উদযাপনত।

প্রয়াত মনিমা বৰগোঁগাই আৰু প্ৰয়াত চিবেন্দ্ৰনাথ বৰগোঁহাইৰ মিৰেম গাঁৱতে জন্ম গ্রহণ কৰা তিনি পুত্ৰ ক্ৰমে ডাঃ গৌৰি শংকৰ বৰগোঁহাই, অধ্যাপক অতুল বৰগোঁহাই আৰু অভিযন্তা ধ্ৰুৱজ্যোতি বৰগোঁহাইয়ে উক্ত হীৰক জয়ন্তী বর্ষ উদযাপন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰাৰ লগতে তাহানিৰ মিৰেম গাঁৱত থকা লৰালিৰ স্মৃতিৰে আবেগিক কৰি তুলে মিৰেম গাঁৱৰ ৰাইজক।

Leave A Reply