Breaking

ডিব্ৰুগড় চিৰিংচাপৰিত বিদ্যুৎ স্পৃষ্ট হৈ লাহোৱালৰ যুৱকৰ কৰুণ মৃত্যু

0 89

লাহোৱাল থানাৰ অৰ্ন্তগত মদাৰখাত হাটখোলা গাঁৱৰ দিগন্ত গোস্বামী নামৰ যুৱকজনে শনিবাৰে দুই সহকৰ্মী স’তে ডিব্ৰুগড়ৰ ৰাম পোকাৰ নামৰ ঠিকাদাৰজনৰ অধীনত ডিব্ৰুগড় চিৰিংচাপৰিৰ জেউতি মৰল সংঘৰ সমীপত এজন লোকৰ বাসগৃহত গেৰেজ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল’ব লগা হোৱা ঘটনাই মদাৰখাত হাটখোলা গাঁৱত শোঁকৰ ছা পেলাইছে ৷

প্ৰাপ্ত খৱৰ অনুসৰি, কৰ্মস্থলীত ড্ৰিল আৰু কাটিং দুটা বৈদ্যুতিক মেচিনেই ব্যৱহাৰ কৰা হৈছিল যদিও দুয়োটা মেচিনৰ বিদ্যুত প্ৰৱাহিত ৱাৰত কোনোধৰণৰ যান্ত্ৰিক বিজুটি হোৱা সম্ভেদ পোৱা নাই বুলি দুয়োটা মেচিনৰ পৰীক্ষাৰ অন্তত স্পষ্ট হৈছে যদিও কোনটো মেচিনৰ পৰা বিদ্যুতস্পৃষ্ট হৈছিল সেয়া বৰ্তমানেও জানিব পৰা নাই ৷

ইফালে গৃহটিৰ ওপৰত কাম কৰি থকা অৱস্থাত বিদ্যুত স্পৃষ্ট হোৱাৰ লগে লগে আন দুই সহকৰ্মী তললৈ সৰি পৰা বুলি এক পক্ষই সদৰী কৰিছে যদিও শৰীৰত কোনোধৰণৰ আঘাটৰ চিন স্পষ্ট নোহোৱাৰ কথাইও আন এক ৰহস্যৰ সৃষ্টি কৰিছে ৷

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছত বাসগৃহটিৰ গৰাকীও ঘৰত নাছিল বুলি জানিব পৰা গৈছে ৷ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয় পোৱাৰ আগেয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷

মৰণোত্তৰ পৰীক্ষাৰ অৰ্ন্তত যুৱকজনৰ মৃতদেহ লাহোৱালৰ হাটখোলাৰ নিজ বাসগৃহলৈ অনাৰ পিছতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰাৰ লগতে সমগ্ৰ গাঁওবাসীয়ে শোকত ম্নিয়মান হৈ পৰা বুলি জানিব পৰা গৈছে ৷

Leave A Reply