Breaking

ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজীৱ ফুকনৰ মৃত্যুত টেঙাখাতত শোকৰ ছাঁ

0 67

টেঙাখাত আৰক্ষী থানা অধীনৰ ভাজনী গাওঁ নিবাসী তথা টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি, সাংস্কৃতিক কৰ্মী ৰাজীৱ ফুকন ওৰফে পিতি (৩৮)ৰ শনিবাৰে পুৱা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে জিলাখনৰ লগতে টেঙাখাত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে , ইহ:সংসাৰত পত্নী একমাত্ৰ কন্যা সহ: বহু আত্মীয় স্বজনক এৰি যোৱা ৰাজীৱ ফুকনৰ যোৱা ২০ মে’ৰ নিশা নিজ গাঁৱতে এক মটৰ দুৰ্ঘটনা হৈ গুৰুতৰ ভাবে আহত হোৱাৰ পিছৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও শনিবাৰে পুৱা প্ৰায় ৯-২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত আজি আবেলি তেওঁৰ মৃতদেহ এখন পুষ্প সজ্জিত বাহনত তুলি টাই আহোম ছাত্ৰ সন্থাৰ নেতাকৰ্মীকে ধৰি ইস্তকুমুম্বৰ তৎপৰতাত ডিব্ৰুগড়ৰ পৰা ৩০ কিলোমিটাৰ মৌণ শোভাযাত্ৰা কৰি আনি টেঙাখাত নগৰৰ ৰাজপথেৰে শুভাযাত্ৰা কৰি টেঙাখাত গান্ধীভৱনৰ সন্মুখত বহু সংখ্যক ব্যক্তি দল সংগঠনৰ নেতা কৰ্মীৰ উপস্থিতিত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পৰিলক্ষিত হয়।

টাই আহোম ছাত্ৰ সন্থা, টাই সাহিত্য সভা যুৱ ছাত্ৰ পৰিষদ প্ৰেছ ক্লাৱ আছু সাহিত্য সভা মে’ নাং ৰাই মুং ডুন চুন খাম আদি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি মাৰোৱাৰী সমাজ মুছলিম সমাজ আদিৰ প্ৰতিনিধি অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ সহ: বহু বিশিষ্ট ব্যক্তিয়ে ৰাজীৱ ফুকনৰ নশ্বৰ দেহত পুষ্প, পুষ্পৰ মালা ফুলাম গামোছাৰে তথা ধূপ বন্তি জ্বলাই শেষ শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদ্‌গতিৰ অৰ্থে সমবেত সকলোৱে সমুহীয়াকৈ একমিনিট সময় মৌণ প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।

ইয়াৰ পিছতে নিজা বাসগৃহ ভাজনি গাঁৱত অগনন লোকৰ উপস্থিতিত মৃতদেহৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

Leave A Reply