Breaking

ডিব্ৰুগড় এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১

0 522

COVID পৰিস্থিতিৰ ফলত বিদ্যালয় সমুহ বন্ধ হৈ পৰাত ঘৰতে অনুশীলন কৰি ডিব্ৰুগড়ৰ এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১। সম্প্ৰতি বন্ধ হৈ আছে বিদ্যালয়। বন্ধৰ মাজতে ঘৰতে থাকি ডিব্ৰুগড়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ১০ বছৰীয়া কণমানি ছাত্ৰীয়ে কঢিয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ।
ডিব্ৰুগড় বৈৰাগী মঠৰ নিবাসী আৰাধ্যা শৰ্মা নামৰ এই ছাত্ৰী গৰাকীয়ে বিদ্যালয় বন্ধ হৈ থকা এই সময় চোৱাত বিজ্ঞানৰ পৰ্যাবৃত্ত তালিকা (ELEMENTS PERIODIC TABLE) ৰ অনুশীলন কৰি কেৱল ১৫.৯ ছেকেণ্ডত আবৃত্তি কৰি দেশত ভিতৰতে “Fastest To recite all elements periodic table” পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰা লগতে কম বয়সত এই দিশত ৰেকৰ্ড কৰা হিচাপে স্থান লাভ কৰিছে । পূৰ্বতে ইয়াত ৰেকৰ্ড আছিল ১৬ ছেকেণ্ড। আৰাধ্যাৰ এই সফলতাই তেওঁ অধ্যয়ন কৰা ডন বক্সৰ স্কুলৰ লগতে সকলোৱে কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আৰাধ্যা, ৰিণ্টু শৰ্মা আৰু ৰুনা দত্ত শৰ্মাৰ একমাত্ৰ কন্যা।

Leave A Reply