Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ ৮৩ দিনৰ মূৰত চিকিৎসালয়ৰ পৰা ৰিলিজ

0 135

৮৩ দিনৰ চিকিৎসাৰ অন্তত ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ভুক্তভোগী আনন্দ শৰ্মাই আমগুৰি বাসগৃহলৈ ৰাওনা হয়। আদিত্য চিকিৎসালয়ত দুটাকৈ জটিল অস্ত্ৰোপচাৰৰ অন্তত আনন্দ শৰ্মা ফিজিঅ’থেৰাপি আৰু অন্যান্য চিকিৎসাধীন হৈ আছিল৷

আনন্দ শৰ্মাক এস্কৰ্ট কৰি আছে ডিব্ৰুগড় আৰক্ষীৰ এটা দলে।

আনন্দ শৰ্মাৰ সহায়-সহযোগিতা আৰু উদ্যোগৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।

লগতে অসমৰ শিক্ষামন্ত্ৰী, অসমৰ স্বাস্থ্যমন্ত্ৰী, ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, মিডিয়া, বিভিন্ন সংগঠন আৰু শুভাকাংক্ষীসকলক সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিয়ালটোৱে ধন্যবাদ জ্ঞাপন কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰৰ প্ৰধান অভিযুক্ত ৰাহুল ছেত্ৰী, প্ৰাণজিৎ বৰুৱা আৰু সীমান্ত হাজৰিকাই যোৱা ১৪ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছিল।


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে।

ইয়াৰ পূৰ্বে ২০২২ চনৰ ৫ ডিচেম্বৰত প্ৰধান অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। তিনিচুকীয়া জিলাৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মঙলবাৰে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ নতুন মুখ্য ৱাৰ্ডেন নিযুক্তি দিয়ে।

ড০ কল্যাণ ভূঞাৰ ঠাইত নতুনকৈ নিযুক্তি পোৱা ৱাৰ্ডেন ড০ দিগন্ত ভূঞা বুলি জানিব পৰা গৈছে।

আনন্দ শৰ্মাৰ ৰেগিং গোচৰক লৈ বিশ্ববিদ্যালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ড০ কল্যাণ ভূঞাক।

Leave A Reply