Breaking

ৰিয়া চক্ৰৱৰ্তীয়ে ড্ৰাগছ যোগান ধৰিছিল নেকি সুশান্ত সিং ৰাজপুতক? বছৰ বছৰ পিছত গোপন তথ্য ফাদিল…

0 19

ৰিয়া চক্ৰৱৰ্তীয়ে ড্ৰাগছ যোগান ধৰিছিল নেকি সুশান্ত সিং ৰাজপুতক? বছৰ বছৰ পিছত গোপন তথ্য ফাদিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে অতি কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। যাৰ বিষয়ে এতিয়া মুকলিকৈ কৈছে অভিনেত্ৰীগৰাকীয়ে। বলীউডৰ শ্ৰেষ্ঠ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তিনি বছৰ হ’ল। কিন্তু আজিও অনুৰাগীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুশান্তৰ ন্যায় বিচাৰিছে। অভিনেতাৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছৰ গোচৰত অভিনেতাৰ কথিত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ নাম আহিছিল। ইয়াৰ বাবেই ৰিয়াই ২৮ দিন জেলত থাকিব লগা হৈছিল। এতিয়া তিনি বছৰৰ পাছত এই বিষয়ত মুকলিকৈ কথা ক’লে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কি কৈছিল জানি লওক…

টিভিৰ ৰিয়েলিটি শ্ব’ এমটিভি ৰ’ডিজত ৰিয়া চক্ৰৱৰ্তীক গেং লিডাৰ হিচাপে দেখা গৈছে। ইফালে এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সুশান্ত সিঙৰ মৃত্যুৰ সৈতে জড়িত বহু প্ৰশ্নৰ মুকলি উত্তৰ দি অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত কেনেকৈ মানুহে তেওঁক চাবলৈ আৰম্ভ কৰিছিল সেই কথাও কয়। অৱশ্যে ড্ৰাগছৰ কথা আহিলে অভিনেত্ৰীগৰাকীয়ে কথা ক’বলৈ অস্বীকাৰ কৰে। অভিনেত্ৰীগৰাকীয়ে কয়, এই সকলোবোৰ কথা শুনি মই বিৰক্ত হৈ পৰিছো। সেইবাবেই ড্ৰাগছৰ কথা ক’বলৈ মন নাযায়। মই এনচিবিৰ কথা ক’ব নিবিচাৰো, চিবিআইৰ কথাও ক’ব নিবিচাৰো।ৰিয়াই আৰু কয়, ‘মানুহৰ লগত কথা পাতিলে তেওঁলোকৰ মনৰ চিন্তাবোৰো পঢ়োঁ। মোৰ ফালে চাই ভাবে মই অপৰাধী যেন লাগে নে নাই। অৱশ্যে এই সকলোবোৰ কথা মোৰ বাবে এতিয়া কোনো গুৰুত্ব নাই। কওঁ ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিঙৰ মৃত্যুৰ পিছত ৰ’ডিজৰ জৰিয়তে পৰ্দালৈ ঘূৰি আহিছিল।

Leave A Reply